ডিজিটেল সংবাদ তিতাবৰ: তিতাবৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংগীতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চৰাইপানীৰ ভূপালী সংগীতমৰ উদ্যোগত ৭ জানুৱাৰীত 'প্ৰীতিমেল আৰু প্ৰীতিভোজ" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ চৌহদতে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ ইংৰাজীৰ সাম্যক জ্ঞান প্ৰদান কৰা, বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণা প্ৰদান কৰা, যোগৰ প্ৰয়োজনতা আদিৰ সন্দৰ্ভত আলোচনা কৰা হয়।
ভূপালী সংগীতমৰ স্বত্বাধিকাৰী তথা পৰিচালক লক্ষী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা তিতাবৰ বাল্য নিকেতনৰ স্বত্বাধিকাৰী, শিক্ষক ৰঞ্জন শইকীয়াই ইংৰাজী জ্ঞান আৰু আয়ত্ত কৰাৰ কৌশলৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষক, সুচিন্তক প্ৰানজিত বৰকাকতীয়ে কেইবাগৰাকী মহান মনিষীৰ উদাহৰণ উল্লেখ্য কৰি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা প্ৰদান কৰা আৰু সমাজকৰ্মী প্ৰীতম মহন্তই ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধন-ধনাত্মকতা বৃদ্ধিৰ বাবে যোগৰ প্ৰয়োজনতাৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক অজয় শইকীয়ায়ো চমু ভাষণত ছাত্ৰ-ছাত্ৰীকসকলক সাধনা আৰু একাগ্ৰতাৰে সংগীতৰ যাত্ৰা আগবঢ়াই নিবলৈ উৎসাহিত কৰে। সভাত প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে ভালেসংখ্যক অভিভাৱক আৰু স্থানীয় সচেতন ৰাইজে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে প্ৰায় এটা দশকতকৈয়ো অধিক সময় তিতাবৰৰ লগতে বিভিন্ন প্ৰান্তত শাখা খুলি ভূপালী সংগীতমে বহু ছাত্ৰ-ছাত্ৰীক সংগীতৰ ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।
Also Read: আছুৰ কেন্দ্ৰীয় কার্যালয় সম্পাদক ভৱজ্যোতি ডেকাক উষ্ম আদৰণি