যোৰহাট প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ব 'বীৰুবালা ৰাভাৰ আভা' শীৰ্ষক জীৱনীমূলক গ্ৰন্থ

যোৰহাট প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ব 'বীৰুবালা ৰাভাৰ আভা' শীৰ্ষক জীৱনীমূলক গ্ৰন্থ
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজান : সমাজৰ প্ৰচলিত ডাইনী প্ৰথাৰ অন্ধবিশ্বাসসমূহৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ জনজাতীয় অঞ্চলত যোৱা দুটা দশক নিৰৱছিন্নভাৱে কাম কৰিছিল পদ্মশ্ৰী বীৰুবালা ৰাভাই। ৰাভাৰ সংগ্ৰামী জীৱনৰ আধাৰত বিশিষ্ট সাহিত্যিক তিলো সোণোৱালে লিখি উলিওৱা '' বীৰুবালা ৰাভাৰ আভা'' শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনি শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ব।

গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট চিন্তাবিদ তথা যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দেৱব্ৰত শৰ্মাই । আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট অনাতাঁৰ কেন্দ্রৰ সঞ্চালক বিশ্বজিৎ দাস, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ জ্যোতিৰেখা হাজৰিকা।

আনহাতে অমূল্য বৰুৱাৰ বিপ্লৱী কবিতাৰ আবৃত্তিৰে সভা শুভাৰম্ভ কৰিব অসমৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শ‌ইকীয়া আৰু নীহাৰিকা সোণোৱালে । উল্লেখযোগ্য যে বিশিষ্ট শিশুসাহিত্যিক তিলো সোণাৱালে ইতিমধ্যে প্ৰায় ত্ৰিশখনকৈ অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াইছে।

যোৰহাট প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ব 'বীৰুবালা ৰাভাৰ আভা' শীৰ্ষক জীৱনীমূলক গ্ৰন্থ
সাংবাদিক নিগ্ৰহ : ওদালগুৰিত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in