ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ পৌৰসভাৰ পৌৰপতি পদক লৈ বিগত কিছু মাহৰ পৰা চলি সংঘাতৰ চূড়ান্ত ৰূপ লয় আৰু দুই সদ্য বিজেপি ত্যাগী ৱাৰ্ড কমিচনাৰে দেওবাৰে কংগ্ৰেছত যোগদান কৰে। এনে পৰিস্থিতিত তিতাবৰ পৌৰসভা কংগ্ৰেছৰ দখললৈ যোৱা একপ্ৰকাৰ নিশ্চিত হয়।
প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত আৰু ৱাৰ্ড কমিচনাৰ নিপা চুতীয়া লাহনে আজি তিতাবৰ কংগ্ৰেছ ভৱনত ব্লক কংগ্ৰেছৰ এক সভাত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। উল্লেখযোগ্য যে তিতাবৰ পৌৰসভা চেয়াৰমেন সলনি কৰাৰ দাবীত অটল থকা পৌৰসভাৰ ক্ষুব্ধ সদস্যসকলে আহ্বান কৰা সভাখন কার্যবাহী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অৱশেষত বিজেপি দুই ৱাৰ্ড কমিচনাৰে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।
ফলত তিতাবৰ পৌৰসভাৰ সংখ্যালঘু পৰিণত হয় । উল্লেখযোগ্য যে প্রাক্তন পৌৰপতি ৰাজীৱ দত্তই সতীৰ্থ ৱাৰ্ড কমিছনাৰ নিপা চুতীয়া লাহনক লগত লৈ বিজেপি ত্যাগ কৰাত পিছত শাসকীয় বিজেপি দল চৰম অস্বস্তিত পৰাই নহয়, সংখ্যাৰ অংকত পৌৰসভা বিজেপিৰ হাতৰ পৰা যোৱাটো এক প্ৰকাৰ খাটাং হৈ পৰিছিল ।
১০ জনীয়া তিতাবৰ পৌৰ সভাত বিৰোধী কংগ্ৰেছৰ ৪ গৰাকী আৰু বিজেপি দলৰ ৬গৰাকী সদস্যক লৈ গঠন হৈছিল । কিছুদিনৰ পূৰ্বে ৰাজীৱ দত্তসহ দুগৰাকী ৱাৰ্ড কমিছনাৰে দল ত্যাগ কৰাৰ পাছত বিৰোধী কংগ্ৰেছসহ দলত্যাগী ২ সদস্যই পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্রস্তাব উত্থাপন কৰে।
এই অনাস্থা প্ৰস্তাৱৰ সম্মুখীন হ'বলৈ সক্ষম নোহোৱাত ক্ষুব্ধ সদস্যসকলে যোৱা ২১ আগষ্টত পৌৰসভাৰ সভা আহ্বান কৰি নতুন পৌৰপতি নিৰ্বাচন কৰাৰ হুংকাৰ দিছিল। ইফালে কংগ্ৰেছৰ চাৰিগৰাকী আৰু বিজেপি ত্যাগী ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনে স্বাক্ষৰ কৰা এখন পত্ৰ পৌৰসভাৰ কাৰ্যবাহী সদস্যলৈ প্ৰেৰণ কৰা গেৰুৱা দলটোত শংকিত হৈ পৰিছিল ।
তিতাবৰ পৌৰসভা কংগ্ৰেছৰ হাতলৈ যোৱাটো এক প্ৰকাৰ খাটাং হোৱাত বিজেপি দলৰ নেতৃত্ব তৎপৰ হৈ পৰে। ২০ আগষ্টৰ নিশা পৰ্যন্ত জিলা আৰু প্রদেশ বিজেপিৰ নেতাই ৰাজীৱ দত্ত আৰু নিপা চুতীয়া লাহনক পৃথকে পৃথকে বুজনি দি পৌৰসভা নিজৰ দখলত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
তদুপৰি প্ৰদেশ বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই তিতাবৰ পৌৰসভাৰ পৌৰপতি সলনি কৰাৰ প্ৰস্তাৱ সদ্য দলত্যাগী দুই ৱাৰ্ড কমিছনাৰক প্ৰদান কৰাত চলি থকা আচলাৱস্থা দূৰ হোৱাৰ ইংগিত পোৱা গৈছিল। কিন্তু দুৰ্নীতিগ্ৰস্ত পৌৰসভা সৈতে একেলগে কাম কৰিবলৈ অস্বীকাৰ কৰি এই প্ৰস্তাৱ নাকচ কৰাত স্থিতাৱস্থা অব্যাহত থাকে।
ইফালে সুযোগ বুজি গেৰুৱা বাহিনীয়ে পৌৰসভা ৰক্ষাৰ বাবে কংগ্ৰেছৰ চাৰিগৰাকী ৱাৰ্ড কমিছনাৰৰ দুগৰাকীক নিজৰ পক্ষলৈ নিয়াৰ এক ব্লু প্ৰিণ্ট ৰচনা কৰিছিল যদিও আজি দৃশ্যপট সলনি হয় । অৱশ্যে আজি ৱাৰ্ড কমিছনা ক্ষুব্ধ সদস্যসকলে কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে লগে লগে বিজেপি দলৰ দখলৰ তিতাবৰ পৌৰসভা কংগ্ৰেছৰ দখললৈ যায় ।
উল্লেখযোগ্য যে বিজেপিয়ে দলৰ অন্তঃ কলহ দূৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে এনেদৰে তিতাবৰ পৌৰসভা হেৰুৱাব লগা হয়। শাসনাধিস্থ বিজেপি দলৰ এই বিপৰ্যয়ে তিতাবৰ কংগ্ৰেছ দল ক্ৰমাৎ শক্তিশালী হৈ উঠাৰ ইংগিত বহন কৰিছে।
Also Read: অসম জাতীয় পৰিষদ,জাতীয় মহিলা শক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ অধিৱেশন