বৰহোলাত 'স্মৃতিৰ সুবাস' গ্ৰন্থ উন্মোচন

বৰহোলাত 'স্মৃতিৰ সুবাস' গ্ৰন্থ  উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বৰহোলাত সাংস্কৃতিক কৰ্মী গোবিন মহন্তৰ এখন জীৱন ভিত্তিক গ্ৰন্থ 'স্মৃতিৰ সুবাস' উন্মোচন কৰা হয়। বৰহোলাৰ কেইবাজনো ব্যক্তিৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত প্ৰকাশ পোৱা গ্ৰন্থখনৰ আজি কলাকুঞ্জ ভৱনত উন্মোচন কৰা হয়।

চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দুগ্ধচন্দ্ৰ গোস্বামীয়ে গ্ৰন্থখনৰ উন্মোচন কৰে। অনুষ্ঠানত লক্ষীমপুৰৰ কালশিলা সত্ৰৰ সত্ৰাধিকাৰ হেমকান্ত মহন্ত, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি যোগেন নেওগ, সাংবাদিক, অৱসৰপ্ৰাপ্ত শিক্ষক বিমান শইকীয়া, সাংস্কৃতিক মহাসভাৰ তিতাবৰ আঞ্চলিকৰ সভাপতি অৰুণ বৰা, যোৰহাটৰ গ্ৰন্থাগাৰিক পিংকু পেগু, ঢোলৰ ওজা সোমনাথ বড়া, শিশু সাহিত্যিক তিলো সোণোৱাল আদিৰ লগতে ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

২০৪ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ অভিনন্দন গ্ৰন্থখনৰ পৰা নতুন প্ৰজন্মই যথেষ্ট অনুপ্ৰেৰণা পাব বুলি আশা প্ৰকাশ কৰিছে সম্পাদনা মণ্ডলীয়ে।

বৰহোলাত 'স্মৃতিৰ সুবাস' গ্ৰন্থ  উন্মোচন
হৰি নামৰ অমীয়া সুৰত বুৰ গ'ল ২নং মাধৱ গোহাঁই গাওঁ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in