বৰহোলা মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ...

বৰহোলা মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
বৰহোলা মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ...

ডিজিটেল সংবাদ, তিতাবৰ: বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ দম্পতীৰ বিত্তীয় অনিয়মে বিনষ্ট কৰিছে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ। মহাবিদ্যালয়খনৰ তদানীন্তন অধ্যক্ষ বিৰেন দত্তৰ কাৰ্যকালত মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱন নিৰ্মাণত সংঘটিত হৈছিল ব্যাপক অনিয়ম। অধ্যক্ষগৰাকীয়ে অসম চৰকাৰৰ চতুদৰ্শ বিত্তীয় আয়োগে প্ৰশাসনিক ভৱন নিৰ্মাণৰ বাবে অনুদান দিয়া লাখ লাখ টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে বৰহোলাৰ স্থানীয় ব্যৱসায়ীয়ে।

মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যৱসায়ীসকলৰ পৰা ক্ৰয় কৰা সামগ্ৰীৰ ধনো আদায় নিদিলে অধ্যক্ষ বীৰেন দত্তই। মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল আৰু বিভিন্নজনৰ পৰা সংগ্ৰহ কৰা ৪ লাখ ৯০ হাজাৰ টকাৰো কোনো তথ্যপাতি নাই মহাবিদ্যালয়ত। অনুষ্ঠিত নহ'ল ৰূপালী জয়ন্তীও।

এই অভিযোগসমূহ পোহৰলৈ অহাৰ সময়তে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে বীৰেন দত্তই। পৰৱৰ্তী সময়ত অধ্যক্ষৰ আসনত বহে বীৰেন দত্তৰ সহধৰ্মিনী বৰ্ণালী কলিতা দত্ত। অধ্যক্ষৰ আসনত বহিয়েই স্বামীৰ কলংক ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰাৰ সময়তে বৰ্ণালী কলিতাৰ বিৰুদ্ধেও উত্থাপিত হৈছে ব্যাপক বিত্তীয় অনিয়ম।

বৰ্ণালী কলিতাৰ কাৰ্যকালত উচ্চশিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়খনৰ শৈক্ষিক ভৱন নিৰ্মাণৰ বাবে অনুদান দিয়া এক কোটি টকাৰে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা ভৱনে উদঙাই দিছে অধ্যক্ষ বৰ্ণালী কলিতাৰ কুকীৰ্তি।

অধ্যক্ষগৰাকী নিজে নিৰ্মাণ সমিতিৰ সম্পাদকৰ দায়িত্বত থাকি লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ প্ৰশান্ত গগৈৰ সৈতে কৰা মিতিৰালিয়ে পোহৰলৈ আনিছে ৰাজহুৱা ধন হৰলুকিৰ ভয়ংকৰ অভিসন্ধি। নিৰ্মীয়মান ভৱনটো ব্যৱহাৰ নৌহওঁতেই ভৱনটোৰ বাহিৰে-ভিতৰে সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাট। ভৰিৰ খোজত চপৰা-চপৰে এৰিছে মজিয়াৰ প্লাষ্টাৰ। ইয়াৰ পাছতেই বৰহোলাৰ বিভিন্ন মহলত উঠিছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ।

আনহাতে নৱনিৰ্মিত ভৱনটোৰ কাৰিকৰী দিশটো চোৱাচিতাৰ দায়িত্বত থকা লোকনিৰ্মাণ বিভাগৰো চৰম গাফিলতি পোহৰলৈ আহিছে। কাৰিকৰীভাৱে ভৱনটোৰ গুৰুতৰ আসোঁৱাহ পোহৰলৈ অহাৰ পাছতো সামান্য চুলিৰ দৰে আঁক মেলা বুলিহে দায়সৰা মন্তব্য কৰি দুৰ্নীতিক গাপ দিয়াৰ কৌশল ৰচনা কৰিছে।

Also Read: গহপুৰ মহকুমা অনুসূচীত জাতি সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

BORHULA