গিবন অভয়াৰণ্যত খাৰুৱা তেল অন্বেষণৰ বিৰুদ্ধে সেউজ ন্যায়াধীকৰণত গোচৰ...

বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে ৰুজু কৰিলে দুটাকৈ গোচৰ

author-image
Asomiya Pratidin
New Update
গিবন অভয়াৰণ্যত খাৰুৱা তেল অন্বেষণৰ বিৰুদ্ধে সেউজ ন্যায়াধীকৰণত গোচৰ...

গিবন অভয়াৰণ্যত খাৰুৱা তেল অন্বেষণৰ বিৰুদ্ধে সেউজ ন্যায়াধীকৰণত গোচৰ...

ডিজিটেল সংবাদ বেকাজানঃ বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে গিৱন অভয়াৰণ্য আৰু দিচৈ ভেলি সংৰক্ষিত বনাঞ্চললৈ নামি অহা সংকট সন্দৰ্ভত প্ৰকাশ কৰা গোহাৰিৰ প্ৰতি সমগ্ৰ অসমৰ পৰা সমৰ্থনৰ সোঁত বৈছে। এই গোহাৰিৰ প্ৰতি অসমৰ বিভিন্ন প্ৰান্তৰ ৫০০ত কৈ অধিক বিশিষ্ট বুদ্ধিজীৱী, শিল্পী, প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত ব্যক্তি, সংগঠন আৰু সমাজ তথা পৰিবেশ সচেতন ব্যক্তিয়ে সমৰ্থন জনাই বাৰ্তা প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে।

এক বৃহৎ জনমত গঠন কৰিবলৈ সক্ষম হোৱা এই গোহাৰিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই ড০ হীৰেণ গোহাঁয়ে কয় যে -অসমৰ পৰিবেশ ধ্বংসৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ লগতে চৰকাৰত থকা সকলেই আগভাগ লৈ আহিছে। বৃহৎ ক'ৰ্পৰেট গোষ্ঠীৰ ব্যৱসায়িক স্বাৰ্থত এনে ধ্বংসাত্মক কাম কৰাই তেওঁলোকৰ চৰিত্ৰ। গতিকে তেওঁলোকে জনগণৰ স্বাৰ্থৰ বিপৰীতে, প্ৰকৃতি সুৰক্ষাৰ পৰিপন্থী কাম কৰিবলৈ কুন্ঠাবোধ নকৰে। এইক্ষেত্ৰত বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজে যি প্ৰতিৰোধী কাৰ্যপন্থা হাতত লৈছে তালৈ আমাৰ পূৰ্ণ সমৰ্থন আছে।

প্ৰকৃতি ৰক্ষা, গিৱনৰ সুৰক্ষাৰ এই সংগ্ৰাম অধিক তৰান্বিত কৰাৰ বাবে সমগ্ৰ অসম জুৰি ইয়াৰ প্ৰতিবাদ হোৱা উচিত। গণতান্ত্ৰিক প্ৰতিবাদৰ প্ৰতি শাসনাধিষ্ঠিত চৰকাৰখনে সদৰ্থক সঁহাৰি দিয়াৰ কোনো আশা কৰিব নোৱাৰি, সেয়ে আন্দোলনৰ সুদৃঢ় পন্থা গ্ৰহণ কৰিব লাগিব৷

আজি নাগৰিক সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰৰ যোগেৰে সেউজ ন্যায়াধিকৰণত দুটা পৃথক গোচৰ ৰুজু কৰে। গিৱন অভয়াৰণ্যৰ মাজেৰে যোৱা ১.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথ চোৱাত ৰে'ল বিভাগে কৰিবলৈ লোৱা বৈদ্যুতিকৰণৰ বিৰোধিতা কৰাৰ লগতে ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিবেদনৰ আধাৰত অভয়াৰণ্যৰ বাহিৰেৰে নিবৰ বাবে আদালতত এই গোচৰ ৰুজু কৰা হৈছে বুলি মূল স্বাক্ষৰকাৰী সভাপতি প্ৰমোদ চন্দ্ৰ মহন্ত আৰু সম্পাদক ত্ৰিদিৱ দত্তই জানিবলৈ দিয়ে।

দ্বিতীয় গোচৰটোত দিচৈ সংৰক্ষিত বনাঞ্চল তথা গিৱন অভয়াৰণ্যৰ পৰিবেশ সংবেদনশীল অঞ্চল ৰূপে ঘোষিত স্থানত ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অনুমোদন সাপেক্ষে ক্ৰেয়াণ অইল এণ্ড গেছে লাভ কৰা খাৰুৱা তেলৰ অন্বেষণৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ আৰু ভৱিষ্যতেও যাতে তাত কোনোধৰনৰ প্ৰদূষণ সৃষ্টি কৰিব পৰা উদ্যোগ স্থাপন কৰিব নোৱাৰে তাৰ বাবেও নিষেধাজ্ঞা জাৰি কৰিবলৈ গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে।

নাগৰিক সমাজৰ সম্পাদক ত্ৰিদিৱ দত্তই জানিবলৈ দিয়ে যে- যোৱা ৯ অক্টোবৰ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় বন্যপ্ৰাণী ব'ৰ্ডৰ সভাত লোৱা প্ৰস্তাৱত নাগৰিক সমাজ মুঠেই সন্তুষ্ট নহয়। কিয়নো ৰে'ল পথটো আতৰোৱাৰ ক্ষেত্ৰত প্ৰস্তাৱত কোনো ধৰণৰ স্পষ্টতা নাই আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াৰ যি কথা কোৱা হৈছে, সেইবোৰ ইতিমধ্যেই পৰীক্ষা কৰি চোৱা হৈছে যদিও কোনো লাভ হোৱা নাই।

বৰঞ্চ ৰে'লৰ যাতায়ত বৃদ্ধি পোৱাৰ ফলত বহু বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই জনাঞ্চলত প্ৰবেশ কৰাৰ বাবে মানুহৰ লগত সংঘাত বৃদ্ধি পাইছে। অনহাতে দিচৈ সংৰক্ষিত বনাঞ্চলত খাৰুৱা তেল অন্বেষণ কৰিবলৈ লোৱা স্থানত ক্ষেত্ৰ অধ্যয়নৰ কথা উল্লেখ কৰি সাময়িকভাৱে স্থগিত ৰখাৰ প্ৰস্তাৱ লোৱা হৈছে যদিও সেয়া আশানুৰূপ নহয়।

কিয়নো ইয়াৰ স্থানীয় বাসিন্দাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ সংগ্ৰামত জড়িতসকলৰ লগত বা জনগণৰ মতামত লোৱাৰ কথা উল্লেখ কৰা হোৱা নাই। সেয়ে আমাৰ সংগ্ৰাম অব্যাহত থাকিব বৰঞ্চ ইয়াক অধিক তীব্ৰতৰ কৰা হ'ব বুলি সম্পাদকে জানিবলৈ দিয়ে।

Also Read: ধুবুৰীৰ নাও দুৰ্ঘটনাত নিৰুদ্দিষ্ট দুটি শিশুক উদ্ধাৰঃ পুৱা পুনৰ চলিব উদ্ধাৰ অভিযান...

গিবন অভয়াৰণ্য যোৰহাট জিলা নাগৰিক সমাজ সেউজ ন্যায়াধীকৰণ