'টাইচাবৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয় 'মে-ডাম-মে-ফী' উদযাপন

“আহোম হৈছে অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ। আহোমৰ নেতৃত্বতেই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পন্ন হৈছিল।"- ড০ সূৰ্য কুমাৰ চেতিয়া।
'টাইচাবৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয় 'মে-ডাম-মে-ফী' উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ “আহোম হৈছে অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ। আহোমৰ নেতৃত্বতেই অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পন্ন হৈছিল।"- ড০ সূৰ্য কুমাৰ চেতিয়া। ইয়াৰ উপৰিও তেওঁ কয় যে, আহোমৰ জাতীয় পুনৰুত্থান এক বিচ্চিন্নতাবাদী আন্দোলন নহয়। এই পুনৰুত্থানে বৃহত্তৰ অসমীয়া জাতিসত্বাকে সমৃদ্ধ কৰিব। ভাষা, ধৰ্ম, সংস্কৃতিৰ সঠিক সংৰক্ষণ, মূল্যায়ণ আৰু সংবৰ্ধন নহ’লে এই পুৰুত্থান সম্ভৱ নহয়। গতিকে সমূহ ৰাইজে এই ক্ষেত্ৰত একগোট হৈ কাম কৰাৰ বাহিৰে অন্য কোনো গত্যন্তৰ নাই বুলি নিৰ্দিষ্ট বক্তা ভাষণ প্ৰসংগত কয় আজিৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থকা অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগৰ সহকাৰী অধ্যাপক আৰু ভাৰপ্ৰাপ্ত মূৰব্বী ড° সূৰ্য্য কুমাৰ চেতিয়াই।

যোৰহাটৰ টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি (তাইচাব)ৰ উদ্যোগত জয়া ভৱনত তাই আহোম সকলৰ পৱিত্ৰ উৎসৱ 'মে-ডাম-মে-ফী' অনুষ্ঠানটি কেন্দ্ৰীয় ভাৱে দুদিনীয়াকৈ অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি মঙ্গলবাৰে প্ৰথমদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰে টাইচাবৰ সভাপতি মানচাও অৱনি কুমাৰ চেতিয়াই। বিয়লি ৪.৩০ বজাত ফুৰালুং, উচৰ্গা আৰু সমূহীয়া জন্-মিঙ্ গ্ৰহণ আৰু ৰাতিলৈ বিশিষ্ট টাই সংস্কৃতিৰ সেৱক মানচাও মনোজ চাংবুন ফুকনৰ প্ৰয়োজনাত অন্তৰংগ আলাপ অনুষ্ঠান।

বুধবাৰে পুৱা ৮.৩০ বজাত দেওঘৰত বন্তি প্ৰজ্বলন এই বন্তি প্ৰজ্বলন কৰে টাইচাবৰ সাঃ সম্পাদক মানচাও দিব্যধৰ চেতিয়াই। ইয়াৰ পাছতে অনুষ্ঠিত হয় শোভাযাত্ৰাসহ ৰজা মৈদাম তৰ্পণ অনুষ্ঠান আৰু শোভাযাত্ৰা উদ্বোধন কৰে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ডীন মানচাও ড০ কুশল কুমাৰ বৰুৱাই আৰু ৰজামৈদাম তৰ্পণ কৰে টাইচাবৰ উপ-সভাপতি মানচাও বিজয় কুমাৰ বৰুৱাই। মৈদাম তৰ্পণ আৰু শোভাযাত্ৰা সম্পন্ন হোৱাৰ লগতে অনুষ্ঠিত হয় টাইচাবৰ দেওঘৰ পৰিচালনা সমিতিৰ সভাপতি ধ্ৰুৱজিৎ গগৈ আৰু গোলাঘাটৰ ম'লুং পুলিন ফুকনৰ নেতৃত্বত অনুষ্ঠিত হয় পয় মে-ডাম-মে-ফী আৰু মুকলি সভা।

জয়া ৰমণী চ'ৰাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশিত টাই প্ৰাৰ্থনা আই চিং লাওৰে আৰম্ভ হোৱা মুকলি সভাখনৰ মে-ডাম-মে-ফী উদযাপন সমিতিৰ সভাপতি মানচাও জ্যোতিপ্ৰসাদ গগৈ বুঢ়াগোহাঁইৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা মানচাও ৰমেশ বৰপাত্ৰগোঁহাই আৰু নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক আৰু ভাৰপ্ৰাপ্ত মূৰব্বী মানচাও ড০ সূৰ্য কুমাৰ চেতিয়াই।

মে-ডাম-মে-ফী উদযাপন লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ 'জান-চাই-হুঙ' উন্মোচন কৰে যোৰহাটৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা বিভাগৰ যুটীয়া সঞ্চালক তথা অসম সৌৰভ বঁটা প্ৰাপ্ত মানচাও ডাঃ শশীধৰ ফুকনে। ইফালে বুধবাৰে মুকলি সভাতে টাইচাবৰ আজীৱন সদস্য মানচাও ৰমেন চেতিয়া আৰু মানচাও দিলীপ কুমাৰ নেওগক সম্বৰ্ধনা জনাই। উদযাপন সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম দুৱৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই মানচাও মুকুল ফুকনে আৰু সভাত অন্তত অনুষ্ঠিত হয় প্ৰীতি ভোজৰ অনুষ্ঠান। সন্ধিয়া অনুষ্ঠিত হয় যোৰহাটৰ ঐতিহাসিক স্থানত বন্তি প্ৰজ্বলন অনুষ্ঠান। সেই অনুসৰি ৰাজমাও পুখুৰীত বন্তি প্ৰজ্বলন কৰে মানচাও দিব্যধৰ চেতিয়াই, ৰজামৈদামত মানচাও প্ৰাণজিৎ বৰুৱাই, বৰগোহাঁই পুখুৰীত মানচাও প্ৰাঞ্জল প্ৰাণ বাইলুঙে, বঙালপুখুৰীত মানচাও তপন কুমাৰ গগৈ (জ্যেষ্ঠ)ই আৰু জয়া ভৱনত মানচাও চিত্তৰঞ্জন বৰুৱাই।

'টাইচাবৰ উদ্যোগত যোৰহাটত কেন্দ্ৰীয় 'মে-ডাম-মে-ফী' উদযাপন
৩ ফেব্ৰুৱাৰীত এন.চি.পি. কাৰ্যালয়ৰ বাকৰিত 'কা' বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in