উন্নয়নৰ ফোপোলা স্বৰূপঃ হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ বাবে ওলাই আহিল জনতা...

উন্নয়নৰ ফোপোলা স্বৰূপঃ হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ বাবে ওলাই আহিল জনতা...

author-image
Asomiya Pratidin
New Update
উন্নয়নৰ ফোপোলা স্বৰূপঃ হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ বাবে ওলাই আহিল জনতা...

উন্নয়নৰ ফোপোলা স্বৰূপঃ হাতে হাতে কোৰ লৈ পথ মেৰামতিৰ বাবে ওলাই আহিল জনতা...

ডিজিটেল সংবাদ তিতাবৰঃ যি সময়ত শাসকীয় চৰকাৰে এখনৰ পাছত আন এখন ফ্লাই অভাৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে, আন্তঃগাঁথনি উন্নয়নৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে তেনে সময়তে এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে তিতাবৰৰ শিলিখাবাৰী দানী গাওঁবাসীক৷ জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবে উপায়হীন হৈ ৰাইজে নিজেই পথ মেৰামতি কৰাৰ লগতে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ৷

তিতাবৰৰ শিলিখাবাৰী দানী গাওঁ সংযোগী পথটোৰ বিধস্ত অৱস্হাত জ্বলাকলা খাইছে পথটোৰে যাতায়ত কৰা সাধাৰণ ৰাইজে। বাৰে বাৰে এই পথটো মেৰামতিৰ দাবী উত্থাপন হৈছে যদিও এই বিধ্বস্ত পথটো নিৰ্মাণত কোনো কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ।

পথটোৰ মাজত সৃষ্টি হৈছে বৃহৎ পুখুৰী সদৃশ গাত। যাৰ বাবে মাত্ৰ সামাণ্য এজাক বৰষুণ দিলেই পথটোৰ মাজৰ গাত সমূহত জমা হয় পানী। বোকাময় হৈ উঠে সমগ্ৰ পথটো। ইয়াৰ পাছতেই সংঘটিত হয় এটাৰ পাছত আন এটা দুৰ্ঘটনা।

পথটোৰ এনে বিধ্বস্ত অৱস্থাই যাতায়ত ব্যৱস্থালৈ বিপদ কঢ়িয়াই অনাৰ বাবে এই পথটোৰে শিক্ষানুষ্ঠানলৈ যাব নোৱাৰা হৈছে ছাত্ৰ-ছাত্ৰী। এই পথেৰে ৰোগী কঢ়িয়াই নিবলৈও চিন্তা কৰিব লাগে হাজাৰ বাৰ। পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবেই এম্বুলেঞ্চকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনৰ বাবেও এই পথটো একেবাৰে অনুপযোগী হৈ উঠিছে।

অতি গুৰুত্বপূৰ্ণ এই পথটোৰ দুৰৱস্থাৰ কথা স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক অৱগত কৰি মেৰামতিৰ বাবে আৱেদন, নিৱেদন কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে এতিয়া ৰাইজে পথটো নিৰ্মাণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও হাতে হাতে কোৰ লৈ কোনোমতে পথটো মেৰামতি কৰি সকাহ প্ৰাপ্তিৰ ব্যৰ্থ চেষ্ট কৰিছে।

উপায়ন্তৰ ৰাইজে এতিয়া এই পথটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে মুখ্যমন্ত্ৰীক শীঘ্ৰেই এই পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অন্যথা সৰ্বস্তৰৰ ৰাইজ পথলৈ ওলাই আহি বৃহৎ আন্দোলনৰ হুংকাৰ দিছে।

Also Read: শ্ৰমিক কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাত পতিতঃ এজন নিহত, ৫ জন গুৰুতৰভাৱে আহত...

তিতাবৰ