ডিজিটেল ডেস্কঃ যোৰহাটৰ বাহনাৰ ধৌৱাপুখুৰী গাৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজ বাসগৃহতে উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে ৭৫ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলা গৰাকীৰ নাম অনুপমা দত্ত।
জানিব পৰা মতে, মহিলাগৰাকীয়ে ধৌৱাপুখুৰীত নিজ কন্যাৰ লগত বাস কৰিছিল। মহিলাগৰাকীৰ কন্যা মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত বাবে কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা পুত্ৰই মাকক সময়ত খাদ্য যোগান ধৰিবলৈ এখন হোটেলক দায়িত্বত দিছিল। কিন্তু কিছুদিনৰ পৰা নিৰ্দিষ্ট হোটেলখনে মহিলাগৰাকীক খাদ্য যোগান ধৰাত হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে মহিলাগৰাকীৰ পুত্ৰই সময়মতে হোটেলখনৰ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবেই হোটেলখনে খাদ্যৰ যোগান দিয়া বন্ধ কৰি দিছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে।
উল্লেখযোগ্য যে, স্থানীয় ৰাইজে জনোৱা মতে মহিলাগৰাকী কোনোধৰণৰ ৰোগত আক্ৰান্ত নাছিল। তেনেস্থলত নিজৰ বিছনাতে কংকাল হৈ যোৱা অৱস্থাত কিদৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'ল সেই বিষয়ে এতিয়া প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে।
প্ৰাৰম্ভিক তদন্তত মৃতদেহটো প্ৰায় ১০ৰ পৰা ১৫ দিন হোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে। মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।