ডিজিটেল সংবাদ মৰিয়নিঃ অনিশ্চিয়তাৰ দিশে গতি কৰিছে ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্য।এছিয়ান ডেভলপমেন্ট বেংকৰ সাহাৰ্য্যৰে অসম মালাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ আৰ্হিৰে নিৰ্মাণ হৈ থকা ধোদৰ আলিক লুণ্ঠনৰ আহিলা ৰূপে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান হালালকাৰ এণ্ড কোম্পানীৰ বিৰুদ্ধে।
যোৱা বৰ্ষৰ নৱেম্বৰ মাহত আৰম্ভ কৰা ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে লোকচানৰ সন্মুখীন হোৱাৰ অজুহাতত আধাতে এৰি দিয়াৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। পথটোৰ নিৰ্মাণৰ দায়িত্বৰ পৰা ঠিকাদাৰী প্ৰতিষ্ঠানটো আঁতৰি দিয়াত এক অবৰ্ননীয় পৰিস্থিতিৰ সন্মুখীন হৈছে পথটো ব্যৱহাৰ কৰা লোকসকল।
পৰিকল্পনাবিহীন ভাৱে পথটোত জধে মধে খান্দি শিল-মাটী পেলাই থোৱাৰ লগতে দ দ গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ নামত চৰম দুৰ্ভোগ ভূগিছে মৰিয়নিবাসীয়ে।পথটোৰ বহু ঠাইত কালভাৰ্ট ভাঙি দিয়াত পানী যোৱা পথ বন্ধ হৈ কৃত্ৰিম বানপানীৰো সৃষ্টি হৈ আহিছে।
কিন্তু এই দিশসমূহলৈ গুৰুত্ব নাই চৰকাৰ তথা লোকনিৰ্মাণ বিভাগৰ। বিভাগটোৱে ৰাইজক পনবন্দী কৰি পথটো বন্ধ কৰি দিয়েই এতিয়া দায়িত্ব সামৰিছে। আনহাতে লোকনিৰ্মাণ বিভাগত পথটোৰ নিৰ্মাণৰ বাবে পুনৰ নিবিদা আহ্বানৰ প্ৰক্ৰিয়া চলি আছে।
কিন্তু বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান হালাকাৰ এণ্ড কোম্পানীয়ে বেলগ এটা কোম্পানীৰ আঁৰত থাকি পুনৰ উচ্চ দৰত পথটোৰ নিৰ্মাণৰ নিবিদা লাভৰ চেষ্টা অব্যাহত ৰখাৰো তথ্য পোহৰলৈ আহিছে। বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ এই চক্ৰান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আটছাৰ টীয়ক উপ শাখা।
Also Read: পেৰিছত তৃতীয় পদক জয়ৰ আশা সজীৱ মনোৰঃ খালী হাতে উভতিল শ্বাটলাৰ সিন্ধু...