ড° গীতিমণি হাতীমূৰীয়াৰ গ্ৰন্থ উন্মোচন...

ড° গীতিমণি হাতীমূৰীয়াৰ গ্ৰন্থ উন্মোচন...

author-image
Asomiya Pratidin
New Update
ড° গীতিমণি হাতীমূৰীয়াৰ গ্ৰন্থ উন্মোচন...

ডিজিটেল সংবাদ, যোৰহাট : বৃহস্পতিবাৰে যোৰহাট সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত ড° গীতিমণি হাতীমূৰীয়াৰ কাব্যগ্ৰন্থ 'তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ'ব নোৱাৰোঁ' আৰু প্ৰবন্ধ সংকলন "কাব্য -অনুষংগ" শীৰ্ষক গ্ৰন্থ দুখনি উন্মোচন হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি অসম আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শান্তিছায়া শইকীয়াই সঞ্চালনা কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ। প্ৰবন্ধ সংকলন "কাব্য -অনুষংগ" উন্মোচন কৰে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° দেৱব্ৰত শৰ্মাই।

তেঁওৰ কাব্যগ্ৰন্থ "তুমি বিচৰা বাবেই মইতো সূৰ্যমুখী হ'ব নোৱাৰোঁ'' উন্মোচন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সহযোগী অধ্যাপিকা তথা ড° জ্যোতিৰেখা হাজৰিকাই। বন্তি প্ৰজ্বলনৰ পাছতে দলীয় আবৃত্তিৰে মঞ্চ মুকলি কৰে কাব্য কাননৰ আবৃত্তি শিল্পীসকলে।

ইয়াৰ পাছতে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে কয় যে, অসমীয়া সাহিত্যৰ ভঁৰালত এই পদক্ষেপ এক নতুন সংযোজন। অসমীয়া সাহিত্যৰ বহুল প্ৰচাৰ, প্ৰসাৰ আৰু সমৃদ্ধিৰ বাবে ই সংৰক্ষণ ব্যৱস্থাৰ অতি প্ৰয়োজন আছে। এই ক্ষেত্ৰত সংশ্লিষ্টসকলে উদ্যোগ ল'বলৈ তেওঁ আহ্বান জনায়।

ড° গীতিমণি হাতীমূৰীয়াৰ গ্ৰন্থ উন্মোচন
ড° গীতিমণি হাতীমূৰীয়াৰ গ্ৰন্থ উন্মোচন

প্ৰবন্ধ সংকলন "কাব্য-অনুষংগ" উন্মোচন কৰি ড° দেৱব্ৰত শৰ্মাই কয় যে, সাহিত্যৰ সমালোচনাইহে প্ৰকৃততে সাহিত্যক গতিশীলতা দান কৰিব পাৰে। "কাব্য -অনুষংগ"ত সন্নিৱিষ্ট প্ৰবন্ধসমূহত ভিন্ন দৃষ্টিভঙ্গীৰ লগতে নতুন চিন্তাৰ উন্মেষ ঘটিছে। অসমীয়া সমালোচনা সাহিত্যৰ বাবে এয়া এক শুভ লক্ষণ।

ইয়াৰ পাছতে কাব্যগ্ৰন্থৰ উন্মোচক ড° জ্যোতিৰেখা হাজৰিকাই কয় যে, অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভৰ গৌৰৱময় ক্ষণতে গীতিমণি হাতীমূৰীয়াৰ দুখনকৈ গ্ৰন্থ  উন্মোচন হোৱাটো অসমীয়া ভাষা সাহিত্যৰ বাবেই আনন্দৰ বতৰা। কবিগৰাকীৰ কাব্য চিন্তাৰ মাজেৰে বাস্তৱ সমাজৰ ৰূপৰেখা ফুটি উঠাৰ লগতে নাৰী জীৱনৰ প্ৰত্যাহ্বান নেওচি লক্ষ্যপ্ৰাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ ইংগিত  দেখা যায়।

উন্মোচনী সভাত কবিৰ দুটি কবিতা পাঠ কৰে হৃদয়জীতা বৰা আৰু শোভিত কমল বৰাই। বিশিষ্ট কবি, আবৃত্তিকাৰ নীহাৰিকা সোণোৱালে আঁত ধৰা অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, বৰ্তমানৰ প্ৰধান সম্পাদক পাৰভিজ হুছেইন, উপ-সভাপতি উজ্জ্বল পাওগাম, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, যোৰহাট লেখিকা সমাৰোহ সমিতিৰ সভাপতি নীৰদা গগৈ বৰা, গায়ত্ৰী গগৈ, সদৌ অসম লেখিকা সংস্থাৰ সভাপতি মামণি গগৈ বৰুৱা, কবি উত্তম কুমাৰ বৰদলৈ, ইন্দিৰা পাওগাম, যোগমায়া গগৈ উপস্থিত থাকে।

ইয়াৰোপৰি বন্দনা সন্দিকৈ, আৰেচা বেগম, জুলী বৰুৱা, নিভা দত্ত ৰভী, জ্বলী বেগম, ভিক্টৰ ৰাজকুমাৰ, প্ৰাঞ্জল খাউণ্ড, জিণ্টু ফুকন, সূৰ্যকমল বণিয়া, অশান্ত ৰাতুল দত্তকে ধৰি শতাধিক কবি তথা প্ৰণৱ বৰপাত্ৰগোঁহাঞি, ড° বিভাজ্যোতি দত্ত, ৰুমী কোঁচ, অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক ছাত্ৰী, অধ্যয়নৰত ছাত্ৰীসকলৰ লগতে শতাধিক সাহিত্য প্ৰেমী শ্ৰোতা দৰ্শক উপস্থিত থাকি অনুষ্ঠানটিক সৌষ্ঠৱ বৃদ্ধি কৰে।

উল্লেখযোগ্য যে অনুষ্ঠানটিত বিশিষ্ট অতিথিসকলক লেখিকাৰ দুহিতা সৃষ্টিদীপা চৰাইমৰীয়াই অংকন কৰা একোখনকৈ ছবিৰে সম্ভাষণ জনোৱা হয়। লেখিকাৰ মনৰ ভাব প্ৰকাশ কৰাৰ পাছতে সঞ্চালকৰ মন্তব্য আৰু শলাগ জ্ঞাপনৰ অন্তত ৰাম গগৈৰ কালজয়ী কবিতা "আমি গৈ থাকো"ৰ আবৃত্তিৰে অনুষ্ঠানটিৰ সমাপ্তি পৰে।

Also Read: প্ৰধানমন্ত্ৰী ই- ড্ৰাইভ আঁচনিৰ অধীনত বৈদ্যুতিক বাহনৰ বিক্ৰীৰ অভিলেখ...

গ্ৰন্থ উন্মোচন