তিতাবৰ ই- মিডিয়া সন্থাৰ প্ৰথম সাধাৰণ সভা

তিতাবৰ ই- মিডিয়া সন্থাৰ প্ৰথম সাধাৰণ সভা
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজান : তিতাবৰত গঠন হোৱা তিতাবৰ ই-মিডিয়া সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাখন বৃহস্পতিবাৰে তিতাবৰ কলাতীর্থ সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। তিতাবৰ ই- মিডিয়া সন্থাৰ সভাপতি প্ৰকাশ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য ব্যাখ্যা কৰে সন্থাৰ কোষাধ্যক্ষ মঞ্জিৎ হাজৰিকাই।

তিতাবৰ, বৰহোলা আৰু বেকাজান আদিৰ সাংবাদিকসকল উপস্থিত থকা সভাত তিতাবৰ ই- মিডিয়া সন্থাৰ ভৱিষ্যত পৰিকল্পনা আৰু কাৰ্যপন্থা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত ১ মাৰ্চত বোকাহোলা চাহ বাগিচা খেল পথাৰত গঠন হোৱা ই- মিডিয়া সন্থাৰ সমিতিখন পূৰ্ণাংগ ৰূপত দি কেইবাটাও কৰ্মসূচী হাতত লয়।

সভাত সাধাৰণ সম্পাদক চিত্তকমল বেজবৰা, সহকাৰী সম্পাদক অমৰজিৎ সিং ৰাজপুত, অনুপম গগৈ, চাজিদ হুছেইন, ইউচুফ আলী, প্ৰকাশ বৰা, চন্দন কলিতা, চাজাদ আলী, দিব্যজ্যোতি শইকীয়াকেধৰি কেইবাজনো সংবাদকৰ্মীয়ে বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

তিতাবৰ ই- মিডিয়া সন্থাৰ প্ৰথম সাধাৰণ সভা
টিকট লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দলৰ সাংগঠনিক সভাত দিলীপ শইকীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in