সাহিত্য সাধনা মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপণ...

যোৰহাট জিলা সমিতিৰ উদ্যোগত সম্পন্ন এই অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
সাহিত্য সাধনা মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপণ...

সাহিত্য সাধনা মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপণ...

ডিজিটেল সংবাদ যোৰহাটঃ আজি যোৰহাটস্থিত মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰ, অসমৰ প্ৰেক্ষাগৃহত সাহিত্য সাধনা মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱসটি ‘‘কেন্দ্ৰীয় সাহিত্য সাধনা দিৱস ২০২৪’’ ৰূপে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হয়। উল্লেখ্য যে, সাহিত্য সাধনা মঞ্চ,অসমৰ প্ৰতিষ্ঠা দিৱসটি প্ৰতিবছৰে সাহিত্য সাধনা দিৱস হিচাপে অনুষ্ঠিত কৰি অহা হৈছে।

মঞ্চৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসে, স্মৃতি তৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱজিৎ দাসে, বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আৰু যোৰহাট জিলা সমিতিৰ উপদেষ্টা জয়া বৰাই।

পুৱা দহ বজাত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। যোৰহাট জিলা সমিতিৰ সম্পাদক পৰাগ জ্যোতি দত্তই আঁতধৰা আৰু মহিলা বাদ্যশিল্পী জ্যোতিস্মিতা বৰা আৰু অংকুৰ বৰাৰ দ্বাৰা খোলবাদন পৰিৱেশনৰ পাছতে আৰম্ভ হয় মুকলি সভাখনি। যোৰহাট জিলা সমিতিৰ সভাপতি দিলীপ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বাৰ্ষিক মুখপত্ৰ উন্মোচন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা সাংবাদিক জগন্নাথ অগ্নিবৰা, বিশিষ্ট সংগীত শিল্পী নিতুলমণি বৰপূজাৰী, কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সম্পাদক নৱজিৎ দাস।

মঞ্চৰ মুখপত্ৰ ‘‘হামচৈয়া’’ উন্মোচন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসে। সভাত বিশিষ্ট কবি সাহিত্যিক বুধিন কুমাৰ শইকীয়া, অসমীয়া প্ৰতিদিন কাকতৰ যোৰহাটস্থ সাংবাদিক তথা কবি জিতুল কুমাৰ গগৈ উপস্থিত থকা সাহিত্য সাধনা মঞ্চই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা সমিতিয়ে আজি যোৰহাট তথা অসমৰ ৰাইজৰ সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়োৱা দুজন ব্যক্তি ক্ৰমে সাংবাদিক তথা প্ৰকৃতি প্ৰেমী জিতু কলিতা আৰু যুৱ সমাজকৰ্মী ৰাজা বাইলুংক বিশেষ ভাৱে সম্বৰ্ধনাও জনাই।

উক্ত সভাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ লগতে যোৰহাট জিলা সমিতিৰ জয়া বৰা, ৰমেন দাস, মৌচুমি বৰাকে প্ৰমুখ্য কৰি যোৰহাটৰ ভালে সংখ্যক সাহিত্যনুৰাগী ৰাইজ আজিৰ সভাত উপস্থিত থাকে।

Also Read: কামৰূপ জিলাৰ উন্নয়ন সমিতিৰ বৈঠক...

সাহিত্য সাধনা মঞ্চ সাহিত্য সম্বৰ্ধনা অনুষ্ঠান