গিবনৰ দাঁতিকাষৰীয়া অঞ্চলত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ আহ্বান

গিবনৰ দাঁতিকাষৰীয়া অঞ্চলত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ আহ্বান
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকে এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, উপ-সভাপতি অংকুজ্যোতি বৰা, ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথ। সংবাদমেলখনত হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ লগতে ৰে'ল লাইনৰ পথ সলনি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়।

অসমৰ যোৰহাট জিলাস্থিত ভাৰতৰ অন্যতম চিৰসেউজ অৰণ্যৰ সংৰক্ষিত অঞ্চল - হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ প্ৰতি এটাৰ পিছত আন এটা ভাবুকি পোহৰলৈ আহিছে। বেদান্ত গ্ৰুপৰ দ্বাৰা সেই অঞ্চলত তেল খননৰ সম্ভাৱনা বিচাৰ কৰি থকাৰ বিষয়টো চৰ্চাত থকাৰ উপৰি দীৰ্ঘদিন ধৰি চলি থকা অন্য এক বিষয় হৈছে হোলোঙাপাৰ গিবন অভ্যয়াৰণ্যৰ মাজেৰে যোৱা ৰে'ল পথৰ বিদ্যুতিকৰণ।

ভাৰতৰ ছাত্ৰ ফেডাৰেচন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে অভয়াৰণ্যখনৰ মাজেৰে যোৱা ব্ৰড গজ ছিংগল ট্ৰেক ৰে'ল লাইনৰ বৈদ্যুতিকৰণৰ নামত ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংস্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কেৱল বিদ্যুৎ প্ৰবাহ কৰাৰ কামহে বাকী আছে। ই অভয়াৰণ্যৰ জীৱ জন্তুৰ বাবে বিপদঘন্টা হৈ পৰিব।

এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ কাষৰ সংবেদনশীল অঞ্চলসমূহত অন্তৰ্ভুক্ত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ লগতে ১.৬৫ কিঃমিঃ ৰ ৰে'ল লাইনৰ পথচোৱা সলনি কৰাৰ দাবী জনাইছে। যোৰহাট জিলাৰ প্ৰায় ২১বৰ্গকিলোমিটাৰ জুৰি থকা‌ এই অভয়াৰণ্যখন হৈছে ৯০টা দুষ্প্ৰাপ্য হলৌ বান্দৰকে ধৰি আৰু ছয়বিধ দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ আবাসস্থল। প্ৰায় ৪১ বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ আৱাসভূমি, এতিয়ালৈকে দুই শতাধিক পখী আৰু দুই শতাধিক পখিলা এই অভয়াৰণ্যৰ পৰা নথীভুক্ত কৰা হৈছে, ৯৫ বিধ ভিন্ন প্ৰজাতিৰ মকৰাৰ আৱাসভূমি এই অভয়াৰণ্য ৬ বিধ ভিন্ন প্ৰজাতিৰ বন্য ৰেচম এই অভয়াৰণ্যত নথীভুক্ত হৈছে। ইয়াৰোপৰি দুই শতাধিকৰো বেছি গছ-লতা, তৰু-তৃণ এই অভয়াৰণ্যৰ গৌৰৱ, ১৩৮ বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা এই অভয়াৰণ্যৰ গৌৰৱ, ১৫ বিধ ভিন্ন প্ৰজাতিৰ পৰুৱা এই অভয়াৰণ্যৰ গৌৰৱ।

ইতিমধ্যে যোৱা বছৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই "Artificial Canopy Bridge Design to facilitate Western Hoolock Gibbon (Hoolock hoolock) crossing over Mariani-Dibrugarh broad gauge single track Railway Line in Hollongapar Gibbon Sanctuary, Assam" শীৰ্ষক এক কাৰিকৰী প্ৰতিবেদন ("Technical Report: TR No./2023/07 MAY 2023") প্ৰকাশ কৰিছিল। ইয়াত মূলতঃ হলৌ বান্দৰসমূহ ৰে'ল লাইন পাৰ হোৱাৰ বাবে কি ধৰণৰ কৃত্ৰিম ব্যৱস্থা তৈয়াৰ কৰিব পাৰি, সেয়া আলোচনা হৈছিল। সেই প্ৰতিবেদনত ৰে'ল লাইনৰ বিদ্যুতিকৰণৰ ফলত বন্য প্ৰাণী বিদ্যুৎস্পৃষ্ট হোৱাৰ অতিৰিক্ত বিপদ সম্পৰ্কে সকীয়াই দি বিদ্যুতিকৰণৰ দিশে আগুৱাই যাওঁতে গভীৰভাৱে চিন্তা কৰাৰ প্ৰয়োজন বুলি কোৱাৰ লগতে ৰে'ল লাইনৰ পথচোৱা সলনিৰ পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল।

প্ৰতিবেদনত “ৰে’লৱে বিভাগে দীৰ্ঘম্যাদী চিন্তাৰে আগবাঢ়ি তেওঁলোকৰ সংৰক্ষণ নীতি তুলি ধৰিব লাগিব আৰু সেয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্য আৰু ইয়াৰ পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চল (Eco Sensitive Zone)ৰ পৰা আঁতৰাই কাষৰীয়া ৰাজহ আৰু অ-বনভূমিৰ মাজেৰে বৰ্তমানৰ ৰে'ল লাইনক পুনৰায় নিৰ্ধাৰণ কৰাৰ সকলো সম্ভাৱনা অন্বেষণ কৰিব লাগিব" বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।

কিন্তু পৰিতাপৰ বিষয় যে ৰে'ল লাইনৰ দিশ পুনৰ নিৰ্ধাৰণ হোৱা দূৰৰে কথা ৰে'ল লাইনৰ বিদ্যুতিকৰণৰ কামহে সম্পূৰ্ণ কৰাৰ লগতে জীৱকুলৰ আৱাসস্থলীৰ মাজেৰে ২৫০০০ ভল্টৰ বিদ্যুত পৰিবাহী তাঁৰ সংযোগ কৰা হ'ল। বিদ্যুৎ প্ৰৱাহ আৰম্ভ হ'লেই জীৱকুলৰ বিনাশ ত্বৰান্বিত হ'ব আৰু গিবন অভয়াৰণ্যৰ ঐতিহ্যক ধ্বংস কৰি পেলাব।

ৰে'ল লাইনৰ বিদ্যুতিকৰণৰ বিষয়টোৰ চৰ্চাৰ আগতেই বনাঞ্চলৰ মাজেৰে চিংগল ট্ৰেক ৰে'ল লাইন থকাৰ বাবে ৰে'লৰ খুন্দাত জীৱকুলৰ মৃত্যু হোৱাৰ ঘটনাৰ অভয়াৰণ্যখন দুটা ভাগত বিভক্ত হোৱাৰ ফলত হলৌ বান্দৰৰ বিভিন্ন গোটবোৰৰ মাজত সংযোগ ব্যাহত হৈছে আৰু প্ৰজনন সম্পৰ্কীয় সমস্যাই হলৌ বান্দৰৰ প্ৰজাতিটোকে মৃত্যুৰ মুখলৈ তিলতিলকৈ ঠেলি দিছিল। হলৌ বান্দৰসমূহে ৰে'ল লাইন পাৰ হ'ব পৰাকৈ কিছুমান "কৃত্ৰিম কেনোপি" নিৰ্মাণ কৰা হৈছে যদিও স্থানীয় লোক অনুসৰি সেয়া বান্দৰসমূহে ব্যৱহাৰ নকৰে। এতিয়া বিদ্যুতিকৰণে হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা ভাৰতৰ একমাত্ৰ বানৰ জাতীয় (ape) আৰু গিবন প্ৰজাতিটোৰ কফিনত শেষ গজাল মাৰিবলৈ আগবাঢ়িছে।

এছ এফ আই আৰু ডি ৱাই এফ আইৰ যোৰহাট জিলা কমিটিয়ে ইতিমধ্যে জিলা উপায়ুক্ত, জিলা বন বিষয়া, বন মন্ত্ৰী, মুখ্যমন্ত্ৰী, বিধায়ক ৰূপজ্যোতি কুৰ্মী, উত্তৰ - পূব সীমান্ত ৰে'ল সীমান্তৰ মহাপ্ৰবন্ধক, তিনিচুকীয়া ডিভিজনলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু এতিয়ালৈ এই সম্পৰ্কত কোনো কাৰ্যকৰী ঘোষণা পোৱা নাই। তাৰোপৰি বিষয়টো জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে সংগঠন দুটাই ব্যাপক চহী সংগ্ৰহ অভিযান চলাই আছে। এই বিষয়টো সম্পৰ্কত যোৰহাটৰ সাংসদ গৌৰৱকো সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে।

বৰ্তমান সময়ত গোটেই বিশ্বজুৰি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে এক সুসংগঠিত প্ৰতিৰোধ মানুহে দেশে দেশে গঢ়ি তুলিছে। কিন্তু সেইখিনি সময়তে দেশৰ শাসক গোষ্ঠীৰ শেন চকু পৰিছে গিবন অভয়াৰণ্যত। উন্নয়নৰ নামত যধেমধে বনাঞ্চল ধ্বংসই পৰিৱেশৰ ভাৰসাম্যতাৰ বাৰুকৈয়ে অৱনতি ঘটাইছে, বন্য জীৱকুল বৰ্তমান বিলুপ্তৰ পথত। দিনে দিনে বাঢ়ি অহা অত্যধিক উত্তাপে পৰিৱেশ অধিক জটিল কৰি তুলিছে । আৰু সেইখিনি সময়তে হোলোঙাপাৰ গিবন অভয়াৰণ্যক হত্যা কৰিব ওলাইছে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে। গিবন অভয়াৰণ্য ৰক্ষাৰ বাবে এছ এফ আই আৰু ডি ৱাই এফ আয়ে তীব্ৰ আন্দোলন সংগঠিত কৰিব আৰু এই ক্ষেত্ৰত সকলোকে আগুৱাই অহাৰ বাবে আহ্বান জনাইছে। সংগঠন দুয়োটাই সেউজ ন্যায়াধীকৰণকো এই বিষয়ত হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাইছে।

গিবনৰ দাঁতিকাষৰীয়া অঞ্চলত ৰে'ল লাইনৰ বিদ্যুতিকৰণ বন্ধ কৰাৰ আহ্বান
আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in