কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ কাৰ্য্যসূচী সম্পন্ন

কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ কাৰ্য্যসূচী সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ বেকাজান : ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ আপেক্ষিক দিশ নিৰ্দেশনা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে ৪ জুলাইৰ পৰা কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত আৰম্ভ কৰিছিল গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিং। এই কাৰ্যসূচী নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৩দিনীয়াকৈ আয়োজন কৰা হৈছিল।

কনচেপ্ট ছিনিয়ৰ চেকেণ্ডেৰী স্কুলত অধ্যয়নৰত শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ ৪ জুলাইৰ পৰা কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত আৰম্ভ হোৱা গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ তিনিদিনীয়া কায্যসূচীৰ দেওবাৰে অন্ত পৰে। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাই তিনিদিনৰ সমূহ শৈক্ষিক বৰ্গ সম্বোধন কৰি সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ দৃষ্টিকোণেৰে আমাৰ সন্মুখত থকা প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ বিষয়ে প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়।

জ্যেষ্ঠ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ দিব্যকমল মজিন্দাৰ, অধ্যক্ষ ইন্দ্ৰনীল ভূঞাই শুভেচ্ছামূলক বক্তব্যৰে শিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰে। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ কোচিং ইন-চার্জ তথা কেৰিয়াৰ বিশেষজ্ঞ আব্দুল হামিদে সমূহ শৈক্ষিক বৰ্গত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি দৃশ্য-শ্ৰাব্য মাধ্যমেৰে দক্ষতা বিকাশৰ আধাৰত প্ৰতিযোগিতাৰ পৃথিৱীত নিয়োগৰ সম্ভাৱনীয়তা আৰু অধ্যয়নৰ প্ৰত্যাহ্বান সমূহৰ বিষয়ে তথ্যসমৃদ্ধ মননশীল বক্তব্যৰে শিক্ষাৰ্থীৰ অনুসন্ধিৎসু মনক উপকৃত কৰে।

কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ শৈক্ষিক প্ৰশাসক তথা পৰামৰ্শদাতা বিপিন চন্দ্ৰ শইকীয়া,গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদ আৰু শিক্ষক তত্বাৱধায়ক দীপাংকৰ বৰাই শৈক্ষিক বৰ্গ সমূহত অংশগ্ৰহণ কৰি শিক্ষাৰ্থী সকলৰ মাৰ্গদৰ্শন কৰে। কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজ, অভিভাৱক-শিক্ষক সংস্থাৰ সচিব সংগীতা হাজৰিকাই শৈক্ষিক বৰ্গ সমূহৰ আঁত ধৰে।

শৈক্ষিক সমন্বয়ক মানসী মহন্তই শলাগৰ শৰাই আগবঢ়ায়। শ্রেণী ভিত্তিক অনুষ্ঠিত এই শৈক্ষিক বৰ্গত শৈক্ষিক প্ৰতিষ্ঠানখনিৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সঞ্চালক জিতু কুমাৰ বৰা আৰু সঞ্চালক প্ৰণৱ কুমাৰ ভূঞাৰ দূৰদৰ্শী নেতৃত্বত শৈক্ষিক প্ৰতিষ্ঠানখনিৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষাৰ্থী সমাজ উপকৃত হোৱাকৈ গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ ক্ষেত্ৰতো কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপ প্ৰণালীবদ্ধভাৱে কাৰ্যকৰী কৰি আহিছে।

কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানত গাইডেন্স আৰু কেৰিয়াৰ কাউন্সিলিংৰ কাৰ্য্যসূচী সম্পন্ন
উদালিত নিশা চোৰে লৈ গ'ল পালছাৰ-২০০

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in