যোৰহাটত এইছ আই ভিৰ ভয়ংকৰ সংক্ৰমণ...

যোৰহাটত এইছ আই ভিৰ ভয়ংকৰ সংক্ৰমণ...

author-image
Asomiya Pratidin
New Update
যোৰহাটত এইছ আই ভিৰ ভয়ংকৰ সংক্ৰমণ...

ডিজিটেল সংবাদ, যোৰহাট: যোৰহাট জিলাত এইছ আই ভিৰ ভয়ংকৰ সংক্ৰমণ৷ যোৰহাট শিশুগৃহত থকা ৭৭টা শিশুৰ ভিতৰত ১৩টা শিশুৰ দেহত এইছ আই ভিৰ স্থিতি পোৱা হৈছে। এই তথ্য প্ৰকাশ কৰিছে এইছ আই ভি নিয়ন্ত্ৰণ কোষ আৰু যোৰহাট জিলা প্ৰশাসনে। ড্ৰাগছৰ অবাধ প্ৰচলন আৰু অসুৰক্ষিত যৌন সম্বন্ধ ইয়াৰ মূল কাৰণ বুলি জানিব দিয়ে জিলাখনৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই।

উল্লেখযোগ্য যে শেহতীয়াকৈ যোৰহাট জিলাখনৰ লগতে মৰিয়নীৰ সীমান্তৰ অঞ্চলসমূহৰ লগতে চাহ বাগিছাঞ্চলত এইছ আই ভিৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱা এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সেইবাবে নকছাৰী মহাবিদ্যালয়ত এইছ আই ভি নিয়ন্ত্ৰণ কোষ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত এইছ আই ভি সংক্ৰমণৰ বিৰুদ্ধে কিদৰে সজাগতা অৱলম্বণ কৰিব লাগে তাৰ ওপৰত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল সজাগ কৰা হয়।

Also Read: বৰদৈবাম চাহ মজদুৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন শিক্ষামন্ত্ৰীৰ

jorhat HIV