মৰিয়নিত চাঞ্চল্যঃ নিখোজ ভাৰতীয় সেনা বাহিনীৰ জোৱান

মৰিয়নিত চাঞ্চল্যঃ নিখোজ ভাৰতীয় সেনা বাহিনীৰ জোৱান
Published on
Updated on

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত বাহনিত এজন সামৰিক বাহিনীৰ জোৱানৰ নিখোজক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। জানিব পৰামতে যোৱা ২৫ মে'ত উত্তৰ প্ৰদেশৰ কৰ্মস্থলীলৈ যোৰহাটৰ পৰা বিমান যোগে যাবলৈ ৰ'ৰৈয়া বিমান বন্দৰলৈ ৰাওনা হৈছিল জোৱানজন। কিন্তG বিমানবন্দৰৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে জোৱানজন।

জোৱানজনমৰিয়নিৰ বাহনীৰ লাহিং গাঁৱৰ সুনেন্দ্ৰ বৰাৰ পুত্ৰ বিনন্দ বৰা বুলি জানিব পৰা গৈছে। ৰাজপুত ৰেজিমেন্টত কৰ্মৰত আছিল বিনন্দ বৰা। ১০ এপ্ৰিলত ছুটী লৈ ঘৰলৈ আহিছিল সেনা জোৱানজন। জোৱান জনে ঘৰতে এৰি থৈ গৈছে ম’বাইল ফোন আৰু আই কাৰ্ড। পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিছে যদিও নিৰুদ্দিষ্ট সেনা জোৱানজনৰ কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে।

জোৱানজনৰ পিতৃয়ে পুত্ৰ বৰাক অসুস্থ মাতৃ আৰু ডেৰমহীয়া কেঁচুৱাটিৰ মুখলৈ চাই য’তে আছে শীঘ্ৰে ঘৰলৈ ঘুৰি আহিবলৈ কাতৰ আহ্বান জনাইছে। মনকৰিবলগীয়া যে নিখোজ সেনা জোৱানজনক বিচাৰি ৰাজপুত ৰেজিমেন্টৰ দুজনকৈ সেনা জোৱান মৰিয়নিত বাহৰ পাতি সেনা জোৱানজনৰ সন্ধানত নামি পৰিছে।

ইপিনে আৰক্ষী সূত্ৰে জানিব পৰামতে বিনন্দ বৰাই ৰাজপুত ৰেজিমেন্টৰ বহুকেইজন সতীৰ্থ জোৱানৰপৰা কৌশলেৰে প্ৰায় ৫০লাখ টকা সংগ্ৰহ কৰি আনিছিল।শেহতীয়াভাবে ধন সংগ্ৰহ কৰা সেনা জোৱানকেইজনে প্ৰাপ্য ধন উভতাই বিচৰাৰ বাবে সেনা জোৱানজনে আত্মগোপন কৰাৰ সন্দেহ কৰিছে আৰক্ষীৰ সূত্ৰটোৱে।

ইতিমধ্যে বিনন্দ বৰাক বিচাৰি অহা ৰাজপুত ৰেজিমেন্টৰ দুজন জোৱানে নিখোজ সেনা জোৱানজনে প্ৰৱঞ্চনাৰে সতীৰ্থ সেনা জোৱানৰপৰা ধন সংগ্ৰহ কৰাৰ তথ্য মৰিয়নি আৰক্ষীক প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাটোৰ তদন্তৰ বাবে শুকুৰবাৰে সন্ধিয়া যোৰহাটৰ আৰক্ষী অধীক্ষক মৰিয়নিত উপস্থিত হোৱা বুলি জানিবপৰা গৈছে। উল্লেখ্য যে ক্ৰমাৎ ৰহস্য ঘন হৈ পৰা সেনা জোৱান বিনন্দ বৰাৰ নিখোজৰ ঘটনাটো আৰক্ষী আৰু সেনাৰ প্ৰকৃত অনুসন্ধানত সমস্ত ঘটনাটো পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

মৰিয়নিত চাঞ্চল্যঃ নিখোজ ভাৰতীয় সেনা বাহিনীৰ জোৱান
সাংবাদিক নেত্ৰকমল শৰ্মাৰ 'পপীয়া তৰা' শীৰ্ষক গীতৰ শুভমুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in