তিতাবৰৰত স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অভিনৱ প্ৰতিবাদ

আগলি কলপাতত ধূপ, চাকি লৈ আটছাৰ প্ৰতিবাদ
তিতাবৰৰত স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অভিনৱ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজান : স্মাৰ্ট মিটাৰৰ প্ৰত্যাহাৰৰদাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে তিতাবৰ চাহ জনজাতি ছাত্ৰ সন্থাই আগলি কলাপাতত ধূপ, চাকি, প্ৰাৰ্থনা গাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । তিতাবৰৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ শতাধিক সদস্যই হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ তিতাবৰ বিদ্যুত উপসংমণ্ডলৰ কাৰ্যালয়ত প্ৰথমে ধূপ চাকি জ্বলাই স্মাৰ্ট মিটাৰৰ প্ৰত্যাহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে।

তিতাবৰ চাহ জনজাতি ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে যিসময়ত চাহ শ্ৰমিকৰ দৈনিক ২৫০ মঞ্জুৰিৰে পৰিয়াল পোহপাল দিবলৈ কঠিন হৈ পৰিছে তেনেসময়তে ভোটৰ ওপৰত দাহন পৰা দি বিদ্যুত বিভাগৰ স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণৰ ৰাইজক জ্বলাকলা খোৱাইছে।

সেয়ে ৰাইজে স্মাৰ্ট মিটাৰৰ অত্যাধিক মাছুলৰ পৰা পৰিত্ৰাণ পাবলৈ পূৰ্বৰ মেনুৱেল মিটাৰ স্থাপন কৰিবলৈ ধূপ বন্তি জ্বলাই অভিনব প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। আটছাই কয় যেপৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে দুখীয়া দিন হাজিৰা কৰি খোৱা ৰাইজে স্মাৰ্ট মিটাৰৰ মাচুল পৰিশোধ কৰিবলৈ যাওঁতে পেটত গামোচা মাৰিব লগীয়া পৰিস্থিতি আহি পৰিছে ।

ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে তিতাবৰত এই দৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি তিতাবৰৰ বিদ্যুত উপসংমণ্ডলৰৰ অভিযন্তাৰ যোগেদি শক্তি মন্ত্ৰী নন্দিতা গার্লোচালৈ স্মাৰ্ট মিটাৰ বন্ধ কৰি মেনুৱেল মিটাৰ স্থাপন কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ তিতাবৰ শাখাৰ সভাপতি মিন্টু ভক্তা, প্ৰদীপ তাঁতীকেন্দ্ৰীয় সাংগঠনিক সম্পাদক সন্তোষ চিক , সহকাৰী সম্পাদক মঞ্জিত ৰাও, ডফলাটিং উপ শাখাৰ সভাপতি নিতুল কুৰ্মী, মেজেঙা প্ৰাথমিক গোটৰ সভাপতি অভিজিত কুৰ্মী, চৰাইপানী উপ শাখাৰ সম্পাদক অৰুণ তাঁতী, বৰহোলা উপ শাখাৰ সভাপতি সুমন কিষাণ, মাধপুৰ উপ শাখা যোচেপ চুৰিন, অমৰদ্বীপ মুৰ্মু ,তিতাবৰ শাখাৰ সম্পাদক বিমল বাৰলু, তিতাবৰ শাখাৰ সহকাৰী সম্পাদক দীপক কোঁৱৰে অংশগ্ৰহণ কৰে।

তিতাবৰৰত স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অভিনৱ প্ৰতিবাদ
পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in