জালুকনিবাৰী আৰক্ষীৰ অৱহেলাৰ বাবে দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু: ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

কৰ্তব্যত গাফিলতি কৰা জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ নেওগক নিলম্বন
জালুকনিবাৰী আৰক্ষীৰ অৱহেলাৰ বাবে দুৰ্ঘটনাত এজন  যুৱকৰ মৃত্যু: ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ তিতাবৰৰ চুঙী কাকডোঙাত দেওবাৰে নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত আৰক্ষীৰ অৱহেলা আৰু চূড়ান্ত দায়িত্বহীনতাৰ বাবে এজন যুৱকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে দেওবাৰে নিশা AS03-AL-7680 নম্বৰ এখন ৱেগনাৰ বাহনে গণেশ পূজা চাবলৈ যোৱা ৩জন যুৱকক মহতিয়াই নিয়ে। ফলত পথত দাঁতিত চিটিকি পৰে যুৱক কেইজন।

স্থানীয় ৰাইজে জালুকনিবাৰী আৰক্ষী চকীত খবৰ দি গুৰুতৰ ভাবে আহত হোৱা দুজন যুৱকক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও অন্য এজন যুৱক ৰাইজৰ অজ্ঞাতে পথৰ কাষত দাঁতিত পৰি ৰয়। ইফালে তিতাবৰৰ জালুকনিবাৰী আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীয়ে ডেৰ ঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে, আনজন যুৱকৰ সন্ধান নকৰা ফলতে যুৱকজনৰ মৃতদেহ পুৱা উদ্ধাৰ হয়। ফলত ৰাইজ ক্ষুব্ধ হৈ পৰে। ৰাইজে অভিযোগ কৰা মতে আৰক্ষীক খবৰ দিয়াৰ পাছতো আৰক্ষীয়ে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা আৰু ভাল দৰে পৰিদৰ্শন নকৰাৰ ফলতে যুৱকজনে পথৰ কাষত মৃত্যুক আঁকোৱালি লয়।

জালুকনিবাৰী আৰক্ষীৰ এনে গাফিলতিৰ বাবে আজি পুৱাতেই ৰাজপথলৈ শ শ লোক ওলাই আহি পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ ৰাজাৰাম ভূমিজৰ। ইফালে পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ শংকা কৰি ঘটনাস্থলীত তিতাবৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হয়।

আনহাতে নিশা জালুকনিবাৰী আৰক্ষী চকীৰ পৰা যোৱা আৰক্ষীৰ দলটো সুৰামত্ত অৱস্থাত থকাৰ বাবেই এনেদৰে যুৱকজনে মৃত্যুক আঁকোৱালি লব লগা হ'ল বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। উল্লেখ্যযোগ্য যে, কৰ্তব্যত গাফিলতিৰ বাবে জালুকনিবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ নেওগক নিলম্বন কৰে ।

জালুকনিবাৰী আৰক্ষীৰ অৱহেলাৰ বাবে দুৰ্ঘটনাত এজন  যুৱকৰ মৃত্যু: ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন
নগাঁও গ্ৰন্থ মেলা ২০২৪ৰ সমিতি গঠনঃ সভাপতিৰ আসনত বিধায়ক ৰূপক শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in