দিপাংকৰ গগৈৰ মৃত্যুৰ দোষী আৰক্ষীক গ্রেপ্তাৰৰ দাবীত ২৩টা জাতীয় দল- সংগঠনৰ প্ৰতিবাদী ধৰ্মঘট

দিপাংকৰ গগৈৰ মৃত্যুৰ দোষী আৰক্ষীক গ্রেপ্তাৰৰ দাবীত ২৩টা জাতীয় দল- সংগঠনৰ প্ৰতিবাদী ধৰ্মঘট
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ তিতাবৰ বিৰিণাশায়েকৰ যুৱক দিপাংকৰ গগৈৰ হত্যাকাৰী আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ,হত্যাৰ ন্যায়,উপযুক্ত ক্ষতিপূৰণ আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰী প্ৰদানৰ দাবীত সোমবাৰে তিতাবৰ ষ্টেচন তিনিআলিত ২৩ টাকৈ দল -সংগঠন আৰু ভুক্তভোগী পৰিয়ালে প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি দুপৰীয়া তিতাবৰ সংবাদ ভৱনৰ সমীপৰ ষ্টেচন তিনিআলিত ২৩ টা জাতীয় দল সংগঠনৰ ডেৰ শতাধিক সদস্যই যোৰহাট তদানীন্তন আৰক্ষী অধীক্ষ মোহনলাল মিনা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু অ'চি লক্ষ্মন কুমাৰ দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ২৮ জুনত তিতাবৰ থানা ঘেৰাও কৰি ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছিল।

৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি এনেদৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াই দীপাংকৰ গগৈৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰে। লগতে শইকীয়াই দীপাংকৰৰ হত্যাকাৰী আৰক্ষী বিষয়াক সকলো সাক্ষ্য প্ৰমাণ থকাৰ পাছতো কিয় গ্ৰেপ্তাৰ নকৰে বুলি মুখ্যমন্ত্রীক প্ৰশ্ন কৰে।

কাৰ্যসূচীত অংশ লয় চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা বিমল বাৰুলে।জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিকৰ সাধাৰণ সম্পাদক অঞ্জন শইকীয়াই অসম আৰক্ষী আৰু গৃহ বিভাগক তীব্ৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্রীয়ে বহিৰাগত এজন আৰক্ষী বিষয়াৰ স্বাৰ্থত দীপাংকৰ গগৈৰ হত্যাৰ ন্যায়ৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাটো অতিকৈ দুৰ্ভাগ্যজনক, আমি তাক গৰিহণা জনাইছো।

উল্লেখযোগ্য যে যোৰহাট নগৰৰ মাজমজিয়াত সেনাৰ চাউনীত বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত সংঘটিত বোমা বিস্ফোৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত কোনো সাক্ষ্য প্রমাণ নোহোৱাকৈ যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মিনাৰ নির্দেশত বিগত বর্ষৰ ২০ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্ববলৈ চলোৱা অকথ্য শাৰীৰিক নির্যাতন সহিব নোৱাৰি দীপাংকৰ গগৈয়ে মৃত্যুক আকোঁৱালি লৈছিল।

দিপাংকৰে মৃত্যুৰ পূর্বে মাতৃক দি যোৱা পুলিচৰ অত্যাচাৰৰ বৰ্ণনা, মৃতদেহৰ ফটো আৰু মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত স্পষ্ট হৈ আছে। পৰিতাপৰ কথা যে সেই সময়ত দিপাংকৰ গগৈয়ে আৰক্ষীত যোগদান কৰিবলৈ শাৰীৰিক অনুশীলন চলাই আছিল। আৰক্ষীৰ অত্যাচাৰত আত্মহননৰ পথ বাছি লোৱা দিপাংকৰৰ ভগ্নী বিমলি শইকীয়াই ২৬ ডিচেম্বৰ তাৰিখে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ২৭ ডিচেম্ববত তিতাবৰ থানাত দিপাংকৰৰ মৃত্যুৰ বাবে তদানীন্তন যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিবি, তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মন কুমাৰ দাসক মূল জগৰীয়া কৰি এজাহাৰ দাখিল কৰিছিল।

কিন্তু এজাহাৰত উল্লেখ থকা আটাইকেইজন অভিযুক্ত আবক্ষীৰ বিষয়া হোৱাৰ বাবেই আজি ছমাহে তদন্ত নকৰিলে যোৰহাট আৰক্ষীয়ে। ঘটনাৰ উচিত তদন্ত,পৰিয়ালটোৰ ন্যায়ৰ দাবীত স্থানীয় জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু ৰাইজৰ প্রতিবাদব পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্ত ঘোষণা কৰিলে যদিও কে. চি. চামাৰীয়া মাত্র এদিন আহি নিয়মমাফীকভাৱে কৰা তদন্তক কৰে। তদন্তৰ প্রতিবেদন দাখিল কৰিবলৈ বান্ধি দিয়া ৩০ দিনৰ সময়সীমা উকলি ১৮০ দিন পাৰ হৈ গ'ল।

আজি পর্যন্ত চৰকাৰে দীপাংকৰ গগৈৰ মৃত্যুৰ কোনো প্রতিবেদন প্রকাশ নকৰিলে। শেহতীয়াকৈ যোৱা ২৫ ডিচেম্বৰত যোৰহাট বোমা বিষ্ফোৰণ কাণ্ডৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ (NIA) ই প্রকাশ কৰা অভিযোগনামাত অভিযুক্ত হিচাপে নামেই নাহিল দিপাংকৰ গগৈৰ। লগে লগে স্পষ্ট হৈ পৰিল যে পৰিয়ালে দাবী কৰা ধৰণেই যোৰহাট আৰক্ষীয়ে কেবল সন্দেহৰ ভিত্তিত নিৰীহ যুবক দিপাংকৰ গগৈক জঘন্য শাৰীৰিক আতিশয্য চলাই মৃত্যুব মুখলৈ ঠেলি দিছিল। এন আই এৰ প্ৰতিবেদন স্পষ্ট হৈ পৰিল যে দীপাংকৰ গগৈ গ্ৰেনেড বিস্ফোৰণত জড়িত নাছিল।

বৰ্তমান পৰিয়ালটোক ন্যায় প্রদান কৰিব বাবে আজি এনেদৰে জাতীয় দল-সংগঠন, তিতাবৰবাসী আৰু পৰিয়ালে ধাৰাবাহিক গণতান্ত্রিক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ পিছত তিতাবৰ ৰাজহচক্ৰ বিষয়া প্ৰীতম দাস উপস্থিত হয়। প্ৰতিবাদী ৰাইজে ৰাজহচক্ৰৰ বিষয়া গৰাকীৰ জৰিয়তে যোৱা ২৭ ডিচেম্বৰত দিপাংকৰৰ ভগ্নীয়ে তিতাবৰ থানাত দাখিল কৰা এজাহাৰৰ (গোচৰ নং PS C/No- 132/23 u/s-306/323/506 IPC) অগ্রগতিৰ বিষয়ে পৰিয়ালক লিখিতভাবে অবগত কৰোৱা, অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্তৰ প্রতিবেদন ৰাজহুৱা কৰা,অভিযুক্ত তিনিওজন আৰক্ষী বিষয়াক ক্রমে তদানীন্তন যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া লক্ষ্মন কুমাৰ দাসক তাৎক্ষনিকভাবে গ্রেপ্তাৰ আৰু কঠোৰতম শাস্তি প্রদান,কেৱল সন্দেহৰ ভিত্তিত অসমৰ নিৰীহ যুবক-যুবতীক আৰক্ষীৰ দ্বাৰা শাৰীৰিক আতিশয্য, এনকাউন্টাৰ, হত্যাৰ দৰে ঘটনা যাতে অসমত অনাগত দিনত পুনবাবৃত্তি নহয় তাৰবাবে কঠোৰ ব্যবস্থা গ্রহণ কৰা,একমাত্র পুত্রক হেৰুৱাই দিশহাৰা হোৱা দিপাংকৰ গগৈৰ পৰিয়ালক ন্যায়,উপযুক্ত ক্ষতিপুৰণ আৰু পৰিয়ালটোৰ এগৰাকী উপযুক্ত ব্যক্তিক চৰকাৰী চাকৰি প্রদান কৰা এখন পাঁচদফীয়া স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়।

আজিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতি ,তাই আহোম, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্রাম সমিতি, সদৌ অসম সচেতন মহিলা মঞ্চ ,অসম মহিলা সম্মিলিত নারী অধিকা সুৰক্ষা মঞ্চ ,বীৰ লাচিত সেনা ,সদৌ অসম ঠেঙাল কছাৰী ছাত্র সন্থা, চুতীয়া যুব সম্মিলন , চুতীয়া ছাত্র -সন্থা আদিয়ে অংশগ্ৰহণ কৰে।

দিপাংকৰ গগৈৰ মৃত্যুৰ দোষী আৰক্ষীক গ্রেপ্তাৰৰ দাবীত ২৩টা জাতীয় দল- সংগঠনৰ প্ৰতিবাদী ধৰ্মঘট
মহুৰামুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in