যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন

যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত আৰু তিতাবৰৰ প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত অহা ২ আৰু ৩ ডিচেম্বৰত তিতাবৰ প্ৰাগজ্যোতিকা বিদ্যালয়ত এখনি বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখন নিম্ন শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুঠ তিনিটা শাখাত অনুষ্ঠিত হ'ব।

প্ৰতিটো শাখাৰ প্ৰথম চাৰিটা স্থান লাভ কৰা খেলুৱৈ কেইজনক নগদ ধন, ট্ৰফী আৰু মানপত্ৰৰে সন্মানিত কৰাৰ উপৰি প্ৰতিযোগিতাখনত ছোৱালী খেলুৱৈসকলৰ বাবে বিশেষ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি আয়োজক সমিতিয়ে জনাইছে। উক্ত প্ৰতিযোগিতাখনৰ যোগদানৰ অন্তিম দিন অহা ৩০ নৱেম্বৰ।

সেয়েহে ইচ্ছুক খেলুৱৈসকলক উক্ত দিনৰ ভিতৰত যোৰহাট জিলা দবা সন্থাৰ কাৰ্যালয়ত যোগদান নিশ্চিত কৰিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাখনৰ বিষয়ে যদি অধিক সবিশেষ জানিব বিচাৰে তেন্তে ৮৪৮৬১৮১২১৮, ৮৬৩৮১২২৫৬০ অথবা ৮৬৩৮৯১২২৮৭ এই নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জিলা দবা সন্থাৰ সাধাৰণ সম্পাদক মাধুৰ্য ভৰালীয়ে জনাইছে।

যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত বয়স ভিত্তিত দবা প্ৰতিযোগিতাৰ আয়োজন
নগাঁও-বৰক'লাত শ্ৰীশ্ৰী গুৰু নানকৰ ৫৫৪ সংখ্যক জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in