ডিজিটেল সংবাদ বেকাজানঃ যোৰহাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত তিতাবৰত মঙ্গলবাৰৰ পৰা আৰম্ভ হয় ডায়েট সপ্তাহ । ৭ ফেব্ৰুৱাৰীৰপৰা ১১ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ চলিব এই ডায়েট সপ্তাহ ।
প্ৰতি বছৰৰ দৰে এইবাৰো সকলো প্ৰশিক্ষাৰ্থীক একেলগ কৰি যোগশিক্ষাৰ লগতে সকলো ধৰণৰ শাৰিৰীক শিক্ষাক সামৰি ডায়েট প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।
ডায়েট সপ্তাহৰ প্ৰথম কাৰ্যসূচীত তিতাবৰৰ নৱনিযুক্ত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তা ,সহকাৰী আয়ুক্ত ৰাজা বৈশ্য আৰু গোলাঘাট জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মনোজ কোঁৱৰ উপস্থিত থাকে । এই ডায়েট সপ্তাহত প্ৰায় ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে ৰছী টনা, ডিচকাছ থ্ৰ'কে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।
Also Read: হাইলাকান্দিৰ মৰেল পুলিচিঙৰ সৈতে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ...