যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট আৰম্ভ : উদ্বোধনী খেলত যোৰহাট ফেলকন দলৰ জয়লাভ

যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট আৰম্ভ : উদ্বোধনী খেলত যোৰহাট ফেলকন দলৰ জয়লাভ
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাট : শুকুৰবাৰৰ পৰা যোৰহাটত প্ৰথমবাৰৰ বাবে ক্ৰিকেটাৰ্ছ অৱ যোৰহাটৰ উদ্যোগত তথা যোৰহাট জিলা ক্ৰীড়া সন্থা আৰু চিটি বয়জ ক্লাবৰ সহযোগত যোৰহাট ষ্টেডিয়ামত আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) ক্ৰিকেট প্ৰতিযোগিতা। আজি পুৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ৰঞ্জী খেলুৱৈ ধ্ৰুৱজ্যোতি সভাপণ্ডিত, নৰেন সভাপণ্ডিত, পংকজ শ্ৰুতিকৰ, নাগেশ সিং, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে, উপ-সভাপতিদ্বয় ললিত বৰা। একেদৰে ৰবীন শইকীয়া, যুটীয়া সম্পাদকদ্বয় দীপক শইকীয়া, উৎপল বৰা, আম্পায়াৰ বৰ্ডৰ সদস্য ভৱানী তাছা, প্ৰীতম বৰা উপস্থিত থাকে।

বৰষুণৰ বাবে আজি খেলখন কিছু পলমকৈ আৰম্ভ হোৱাৰ লগতে ৮ অ’ভাৰলৈ হ্ৰাস কৰা যোৰহাট প্ৰিমিয়াৰ লীগ (চিজন-১) প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলত যোৰহাট ফেলকন দলে ১৬ ৰানত জয়লাভ কৰে। যোৰহাট ফেলকন আৰু জয়হিন্দ ৱাৰিয়ৰ্ছৰ মাজত অনুষ্ঠিত খেলখনত জয়হিন্দ ৱাৰিয়ৰ্ছে টচত জিকি প্ৰথমে বল কৰিবলৈ সিদ্ধান্ত লয়।

যোৰহাট ফেলকন দলে প্ৰথমে বেটিং কৰিবলৈ লৈ কিষালয় শৰ্মাৰ ১৯ আৰু ত্ৰিদীপ লোচন দাসৰ ১৬ ৰানৰ সহায়ত ৬টা উইকেটৰ বিনিময়ত ৫৯ ৰান সংগ্ৰহ কৰে। জয়হিন্দ ৱাৰিয়াৰ্ছৰ হৈ অভিজিৎ বৰুৱা আৰু ইমতিয়াজ হুছেইন বৰভূঞাই দুটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত জয়হিন্দ ৱাৰিয়াৰ্ছে বিকি দত্তৰ ১২ আৰু ৰৌনাক বসুৰ ১১ ৰানৰ সহায়ত ৭টা উইকেট হেৰুৱাই নিৰ্ধাৰিত অ’ভাৰত মাত্ৰ ৪৩ ৰান কৰিবলৈ সক্ষম হয় আৰু ১৬ ৰানত পৰাজয় স্বীকাৰ কৰে। যোৰহাট ফেলকনৰ হৈ ঋষভ সন্দিকৈ তিনিটা আৰু অৰূপজ্যোতি বৰাই দুটা উইকেট লাভ কৰে।

আজিৰ খেলখনত মেন অৱ দা মেচৰ সন্মান লাভ কৰে যোৰহাট ফেলকন দলৰ ঋষভ সন্দিকৈয়ে। শনিবাৰৰ খেলখন হ’ব ৰেডিয়েন্ট ৰাইনোচ আৰু লাইকেন ৱাৰিয়ৰ্ছৰ মাজত।

যোৰহাট প্ৰিমিয়াৰ লীগ ক্ৰিকেট আৰম্ভ : উদ্বোধনী খেলত যোৰহাট ফেলকন দলৰ জয়লাভ
এক গগৈৰ ফাউলত লাগিল “তিনি গগৈ”ৰ সমীকৰণত আউল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in