যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাৰ সামৰণি

যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাৰ সামৰণি

কৃতী খেলুৱৈক এককালীন জলপানি প্রদান...
Published on

ডিজিটেল সংবাদ,যোৰহাটঃ দেওবাৰে যোৰহাট ছুইমিং ছ’চাইটিৰ উদ্যোগত যোৰহাট জলক্ৰীড়া প্রকল্পত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৩১ সংখ্যক যোৰহাট জিলা আন্তঃবিদ্যালয় বয়স ভিত্তিক সাঁতোৰ প্রতিযোগিতাখন সফলতাৰে সম্পন্ন হয়। যোৰহাট জিলাৰ অৱসৰপ্ৰাপ্ত মহকুমা ক্রীড়া বিষয়া ৰাজেন গোহাঁই আৰু ছ’চাইটিৰ উপ-সভাপতি জিতেন্দ্র কুণ্ডলীয়াই বন্তি প্রজ্বলনেৰে আনুষ্ঠানিকভাবে উদ্বোধন কৰা প্ৰতিযোগিতাখনত যোৰহাট জিলাৰ ১৬খন বিদ্যালয়ৰ ১৩০গৰাকী সাঁতোৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

উক্ত প্রতিযোগিতাখনে ৬৪টা ইভেন্ট সামৰি লৈছে। আজিৰ এই প্রতিযোগিতাত ৩৯ সংখ্যক ছাব-জুনিয়ৰ আৰু ৪৯সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতা ২০২৩ আৰু ৪০ সংখ্যক ছাব-জুনিয়ৰ আৰু ৫০সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্রীড়া প্রতিযোগিতাত অসম সাঁতোৰ সংস্থাক প্রতিনিধিত্ব কৰি অসম তথা যোৰহাটলৈ সুনাম কঢ়িয়াই আনে যোৰহাট ছুইমিং ছ’চাইটিৰ ৫ জন কৃতী সাঁতোৰ খেলুৱৈয়ে।

তেওঁলোক ক্রমে নিবিৰ হাজৰিকা, অংশুমান দত্ত আৰু তন্ময় মস্ত ভৰালীক ২২৫০০ টকাকৈ লগতে দর্শিতা বৰুৱা আৰু মধুপ্রিয়া গগৈক ১৫০০০ টকাকৈ ছ’চাইটিৰ তৰফৰ পৰা এককালীন জলপানি প্রদান কৰে। এই অনুষ্ঠানত যোৰহাট জিলা ক্রীড়া বিষয়া ৰাহুল শর্মা, ASSAM HIGH PERFORMANCE TRAINING & REHABILITATION CENTRE JORHAT ৰ প্ৰধান ড০ গগণ পপলি, ছ’চাইটিৰ সভাপতি ৰক্তিম শইকীয়া, উপ-সভাপতি ড০ ৰাণা ভূঞাই খেলুৱৈসকলক জলপানি প্রদান কৰে।

যোৰহাট ছুইমিং ছ’চাইটিৰ সহকাৰী সম্পাদিকা ড০ সেউজী বৰা নেওগে আঁতধৰা জলপানি প্রদান অনুষ্ঠানত ছ’চাইটিৰ সদস্য-সদস্যাসকলৰ উপৰি সাঁতোৰ খেলুৱৈসকল আৰু অভিভাবক সকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, যোৰহাট ছুইমিং ছ’চাইটিয়ে ২০১৬ বর্ষৰে পৰা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ মানসেৰে এককালীন আর্থিক জলপানি প্ৰদানৰ ব্যৱস্থা কৰি আহিছে।

আজি প্রতিযোগিতাখনিৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানতে ছ’চাইটিৰ সদস্য-সদস্যাসকলৰ প্রমুখ্যে প্রশিক্ষক-প্রশিক্ষিকা সকলে বিজয়ী খেলুৱৈসকলক বঁটা প্রদান কৰে। এই অনুষ্ঠানটিত যোৰহাট জিলা উন্নয়ণ আযুক্ত ৰাজীৱ ৰয় উপস্থিত থাকে। জলপানি প্রদান অনুষ্ঠান আৰু প্রতিযোগিতাখনিৰ সফল পৰিসমাপ্তিৰ বাবে যোৰহাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ সকলো প্রতিযোগী, বিদ্যালয় প্রধান, অভিভাৱক আৰু যোৰহাটৰ ক্ৰীড়াপ্রেমী ৰাইজক যোৰহাট ছুইমিং ছ’চাইটিৰ হৈ সভাপতি-সম্পাদকে ধন্যবাদ জ্ঞাপন কৰে।

যোৰহাটৰ আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাৰ সামৰণি
মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in