যোৰহাটৰ ১৩ বছৰ অনুৰ্দ্ধ য়ুথ লীগত টীয়ক উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

যোৰহাটৰ ১৩ বছৰ অনুৰ্দ্ধ য়ুথ লীগত টীয়ক উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

সৰ্বাধিক গ'ল দাতাৰ সন্মান লাভ কৰে টীয়ক উপ-ক্ৰীড়া সন্থাৰ নিবিড় বৰগোহাঁইয়ে
Published on

ডিজিটেল সংবাদ,যোৰহাট : যোৰহাটত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ১৩ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগত টীয়ক উপ-ক্ৰীড়া সন্থাই চেম্পিয়ন খিতাপ অৰ্জন কৰে। শনিবাৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰয়াত অভিশেষ বৰা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰা হয়।

খেলখনত টীয়ক উপ-ক্ৰীড়া সন্থাই ৰঞ্জিত ক্লাবক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয়। তীব্ৰ উত্তেজনাপূৰ্ণ আজিৰ চূড়ান্ত খেলখনত দুয়ো দলে প্ৰথমৰ পৰাই বিপক্ষৰ হাফত আক্ৰমণ ৰচনা কৰে আৰু শেষত টীয়কে শেষ হাঁহি মাৰে।

টীয়ক উপ-ক্ৰীড়া সন্থাৰ হৈ গ'ল দুটা দিয়ে সমীৰ মাৰদীয়ে। ইফালে চূড়ান্ত খেলৰ পূৰ্বে অনুষ্ঠিত হয় প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেল দুখন। ইয়াৰে প্ৰথমখন খেলত টীয়ক উপ-ক্ৰীড়া সন্থাই অল ষ্টাৰ ক্লাবক ৫-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

ইফালে দ্বিতীয়খন খেল ৰঞ্জীত ক্লাব আৰু যোৰহাট টাউন ক্লাবৰ মাজত অনুষ্ঠিত খেলখন নিৰ্ধাৰিত সময়ত গ'ল শূণ্যভাৱে সমাপ্ত হোৱাত ৰেফাৰীয়ে ট্ৰাইবেকাৰৰ সহায় লয়। ট্ৰাইবেকাৰত ৩-৩ গ'লত ড্ৰ হোৱাত চাদেনডেথৰ জড়িয়তে সামগ্ৰিকভাৱে ৫-৪ গ'লত ৰঞ্জীত ক্লাবে টাউন ক্লাবক পৰাজিত কৰি ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰে।

চূড়ান্ত খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন আৰু ৰানাৰ্চ আপ দলক বঁটাসমূহ বিতৰণ কৰে। বঁটা বিতৰণ কৰে ক্ৰমে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, নবীন চন্দ্ৰ বৰা, ধ্ৰুৱ জ্যোতি সভাপণ্ডিত, দেৱ হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে।

আনহাতে প্ৰতিযোগিতাৰ সৰ্বাধিক গ'ল দাতাৰ সন্মান লাভ কৰে টীয়ক উপ-ক্ৰীড়া সন্থাৰ নিবিড় বৰগোহাঁইয়ে। শ্ৰেষ্ঠ গ'ল ৰক্ষকৰ সন্মান টীয়ক দলৰ সমীৰ মাৰদীয়ে লাভ কৰাৰ লগতে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ৰঞ্জীত ক্লাবৰ হিৰক জ্যোতি বৰাই।

যোৰহাটৰ ১৩ বছৰ অনুৰ্দ্ধ য়ুথ লীগত টীয়ক উপ-ক্ৰীড়া সন্থা চেম্পিয়ন
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত ৪ মন্ত্ৰীৰ ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰত্নতাত্ত্বিক ক্ষেত্র পৰিদৰ্শন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in