পূৰ্ণগতিত জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্ট

উজনি অসম মণ্ডলত যোৰহাটৰ জয়লাভ। অংকুৰ গগৈয়ে লাভ কৰিলে ৫টা উইকেট...
পূৰ্ণগতিত জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্ট
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাটঃ পূৰ্ণগতিত চলি থকা জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেটৰ উজনি অসম মণ্ডলৰ প্ৰতিযোগিতাখনিৰ দেওবাৰৰ খেলখনত যোৰহাট জিলাই ৮ উইকেটত বৃহৎ জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সহযোগত চলি থকা ২০২৩-২৪ বৰ্ষৰ জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্টৰ উজনি অসম মণ্ডলৰ ক্ৰিকেট প্ৰতিযোগিতাখন যোৰহাট জিলা আৰু মাৰ্ঘেৰিটা জিলাৰ মাজত অনুষ্ঠিত হয়।

খেলখনত মাৰ্ঘেৰিটা জিলাই টছত জিকি প্ৰথমেই বেটিং কৰিবলৈ সিদ্ধান্ত লয়। এই খেলত যোৰহাট জিলা দলৰ অংকুৰ গগৈৰ বিধ্বংসী বলিঙৰ কোৱত ৪১.১ অ'ভাৰত অভিনৱ দে ৪৭ আৰু মানৱ ৰয় ১৫ ৰাণৰ সহায়ত আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যোৰহাট জিলাৰ হৈ অংকুৰ গগৈয়ে ১০ অ'ভাৰত ৩৩ ৰাণ খৰছ কৰি ৫টাকৈ উইকেট লাভ কৰাৰ লগতে দেৱজিৎ সন্দিকৈ আৰু কল্যাণ বৰগোহাঁইয়ে দুটাকৈ উইকেট লাভ কৰে।‌

প্ৰত্যুত্তৰত যোৰহাট জিলাই ২৩.৪ অ'ভাৰত ২টা উইকেটৰ বিনিময়তে ৰোহিত য়াদৱৰ ৪৪, নিশান্ত শইকীয়াৰ ৩৩ আৰু অয়ন কাশ্যপৰ ২৬ ৰাণৰ সহায়তে ১২৯ ৰাণ কৰি সহজতেই বিজয় সাব্যস্ত কৰে। মাৰ্ঘেৰিটা জিলাৰ হৈ মহম্মদ চাইফ আলিয়ে দুইটা উইকেট লাভ কৰে। উল্লেখ্য খেলখন পৰিচালনা কৰে সুনিত চেত্ৰী (শিলচৰ) আৰু উমা শংকৰ গৌতমে (শিলচৰ)। আনহাতে স্ক'ৰ বৰ্ডত আছিল প্ৰতীম বৰা (যোৰহাট)। কাইলৈ পৰৱৰ্তী খেলখন হ'ব তিনিচুকীয়া জিলা আৰু নাজিৰা জিলাৰ মাজত।

পূৰ্ণগতিত জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট টুৰ্নামেণ্ট
শিৱসাগৰত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in