যোৰহাট জিলা যোগাসন ক্ৰীড়াৰ চেম্পিয়নশ্বিপ সম্পন্ন

যোৰহাট জিলা যোগাসন ক্ৰীড়াৰ চেম্পিয়নশ্বিপ সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ,যোৰহাটঃ যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত জিলা ভিত্তিক যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন মঙলবাৰে সফলতাৰে সম্পন্ন হয়। প্ৰায় শতাধিক প্ৰতিযোগীয়ে যোগদান কৰা প্ৰতিযোগিতাখনত জুনিয়ৰ, ছাব-জুনিয়ৰ, ছিনিয়ৰকে ধৰি কেইবাটাও শাখাত অনুষ্ঠিত হয়।

প্ৰতিটো শাখাৰে পৰা প্ৰথম পাঁচটা স্থান লাভ কৰা প্ৰতিযোগী সকলক অহা ৬ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা ৰাজ্যিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে।

যোৰহাটৰ পৰা মুঠ ৩০ জনীয়া দলটো অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীলৈ ৰাওনা হব। ইয়াৰ উপৰিও গুৱাহাটীৰ প্ৰতিযোগিতাখনত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা খেলুৱৈ সকলে খেলো ইণ্ডিয়া, নেশ্যনেল গেমছত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পাব বুলি আয়োজকে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in