গাঁও চলো কাৰ্যসূচীৰে তিতাবৰৰ নগাবাটত সাংসদ কামাখ্যা প্ৰসাদ তাছা

গাঁও চলো কাৰ্যসূচীৰে তিতাবৰৰ নগাবাটত সাংসদ কামাখ্যা প্ৰসাদ তাছা

গ্ৰামাঞ্চলৰ ৰাইজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত মতবিনিময় । শীতৰ নিশাতো জুইৰ কাষত বহি ৰাইজৰ সৈতে আলোচনা সাংসদ কামাখ্যা প্ৰসাদ তাছা
Published on

ডিজিটেল সংবাদ, তিতাবৰঃ গাঁও চলো অভিযান কাৰ্যসূচী উপলক্ষে নগাবাটত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। সাংসদগৰাকীয়ে নগাবাটৰ লগতে কাকডোঙা সীমান্তৱৰ্তী আঞ্চলিক নামঘৰ, মিলনভূমি গাঁও, অন্নপূৰ্ণা গাঁও, খ্ৰীষ্টিয়ান গাঁও আৰু ঠেঙাল গাঁৱৰ গীৰ্জা, মাটিখোলা আদিত উপস্থিত হৈ ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে মতবিনিময় কৰে। নিশালৈ সাংসদগৰাকীয়ে অঞ্চলটোৰ বিভিন্ন সমস্যা, ৰাইজৰ অভাৱ-অভিযোগ আদিৰ বুজ লোৱাৰ লগতে বিজেপি চৰকাৰৰ জনকল্যানমূলক ন ন আঁচনি তথা পদক্ষেপসমূহৰ সন্দৰ্ভত ৰাইজক অৱগত কৰে।

ৰাইজে গাঁৱৰ বাট-পথ, নামঘৰ, খোৱাপানী আদিৰ সমস্যা সমূহ সাংসদগৰাকীৰ আগত উপস্থাপন কৰি সমাধানৰ আহ্বান জনায়। প্ৰতিটো কাৰ্যসূচীত গাঁওসমূহৰ কেইবাশতাধিক ৰাইজে সহযোগিতা আগবঢ়ায়।‌ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰীৰ লগতে বুথৰ সভাপতি, সম্পাদক আৰু ভালেসংখ্যক বিজেপি কাৰ্যকৰ্তাই সাংসদগৰাকীক সংগ দিয়ে। শীতৰ নিশা ঠেঙাল গাঁৱত জুইত কাষত বহি অঞ্চলটোৰ ৰাইজৰ সৈতে মতবিনিময় কৰাৰ উপৰি গাঁওখনতে প্ৰৱাস কৰে সাংসদগৰাকীয়ে। জনসাধাৰণৰ লগত সংযোগ স্থাপনৰ চৰকাৰৰ এই চিন্তাটোৱে অধিক আকৰ্ষিত কৰা বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে সাংসদ তাছাই।

গাঁও চলো কাৰ্যসূচীৰে তিতাবৰৰ নগাবাটত সাংসদ কামাখ্যা প্ৰসাদ তাছা
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত থাকিব ৯০০ স্বেচ্চাসেৱক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in