ডিজিটেল সংবাদ বেকাজানঃ বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ বৰ্ধিত মাচুলে জনসাধাৰণক জ্বলাকলা খোৱাই থকাৰ সময়তে গুৱাহাটীৰ বিজুলী ভৱনে জাকজমকতাৰে প্ৰাক দেৱালী উৎসৱ পালনৰ বিৰুদ্ধে বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তিতাবৰৰ বিদ্যুত উপসংমণ্ডলৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে নিজ কাৰ্যালয় এৰি গুৱাহাটীলৈ ঢাপলি মেলা বিদ্যুৎ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ওপৰত ক্ষোভ উজাৰি কৃষক মুক্তিৰ সদস্যসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে।
বুধবাৰে দুপৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মহকুমা সমিতিৰ উদ্যোগত শতাধিক ৰাইজে তিতাবৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয়। কিন্তু কাৰ্যালয় কোনো কৰ্মচাৰী নাছিল। উল্লেখযোগ্য যে নিজ কাৰ্যালয় খালী কৰি বিজুলী ভৱনত প্ৰাক দীপাৱালী অনুষ্ঠানত উপস্থিত হ'বলৈ দিয়া জাননীৰ দিয়াৰ বাবে কোনো কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নাছিল।
কিয়নো গুৱাহাটীৰ বিজুলি ভৱনত উদযাপন কৰা প্ৰাক দিপাৱলী অনুষ্ঠান উদযাপনৰ বাবে সকলো কাম কাজ এৰি জাননী অনুসৰি এপিডিচিএলৰ কৰ্মচাৰীসকল উপস্থিত হৈছেগৈ বিজুলি ভৱনত। তিতাবৰৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি এপিডিচিএল এনে কাৰ্যত ক্ষোভ প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে যিসময়ত অসমৰ দৰিদ্ৰ জনসাধাৰণে স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিদ্যুত মাচুলৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিবাদ অব্যাহত ৰাখিছে তেনেসময়ত কাণ্ড জ্ঞানহীন এপিডিচিএলে ৰাইজৰ টকাৰে প্ৰাক দেৱালী উদযাপন কৰিবলৈ বিদ্যুৎ বিভাগৰ কৰ্মাচাৰীক গুৱাহাটীৰ বিজুলী ভৱনলৈ মাতি পঠাইছে। সেয়ে তিতাবৰৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় কৰ্মচাৰী শূন্য হৈ পৰিছে।
আমি এপিডিচিএলৰ এই কাৰ্যক প্ৰতিবাদ কৰিছো। এপিডিচিএলে ৰাইজৰ টকাৰে ৰংগুলী আৰু দিয়া পেইটিং প্ৰতিযোগিতা পাতিছে। অসমৰ ৰাইজক শোষণ কৰি ৰাইজৰ টকাৰে প্ৰাক দেৱালী উদযাপন কৰাতো কিমান যুক্তিসংগত হৈছে।
অসমৰ জনসাধাৰণৰ প্ৰতি কোনো দায়বদ্ধ বিষয়াই এই কাৰ্য কৰিব পাৰে নে বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে এপিডিচিএলে সামাজিক মাধ্যমৰ যোগেদি এই প্ৰাক দেৱালী উৎসৱ কেৱল এপিডিচিএলৰ কৰ্মচাৰীৰ পৰিয়ালৰ মাজত পতা বুলি স্পষ্টীকৰণ দিছে। যিটো গোকাট মিছা কথা, কিয়নো নটিফিকেচনত স্পষ্টকৈ লিখা আছে কৰ্মচাৰী বুলি।
তদুপৰি এপিডিচিএলে এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এপিডিচিএলৰ অসমৰ জনসাধাৰণৰ শোষণ কৰি প্ৰাক দেৱালী উদযাপন কৰা কাৰ্য তীব্ৰ বিৰোধিতা কৰিছো।
Also Read: আজি কালী পূজা আৰু দীপাৱলীঃ প্রদূষণ নিয়ন্ত্রণ ব'র্ডৰ সেউজ দীপাৱলী পালনৰ আহ্বান...