ডিজিটেল সংবাদ, তিতাবৰ : বৃহস্পতিবাৰে নিশা তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সমীপত আছু আৰু অসম সেনাৰ কৰ্মীয়ে সুৰাপান কৰি উদ্ভণ্ডালি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। জানিব পৰা মতে দুয়োটা সংগঠনৰ একাংশ নেতা- কৰ্মীয়ে উক্ত নিশা সুৰাৰৰাগীত মাতাল হৈ উদ্ভণ্ডালি কৰিছিল ।
আছু কৰ্মীৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ অৱশেষত ওলাই আহিবলৈ বাধ্য হয় অঞ্চলটোৰ ৰাইজ । ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু সুৰামত্ত অৱস্থাত থকা নেতা- কৰ্মীৰ মাজত কাজিয়াৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি একাংশ আছু কৰ্মীয়ে দা-কটাৰি লৈ কাজিয়াত লিপ্ত হয়। ইয়াৰ উপৰি আছু আৰু অসম সেনাৰ কৰ্মীৰ উৎপাতত থাকিব নোৱাৰি স্থানীয় ৰাইজে অৱশেষত তেঁওলোকক উত্তম মাধ্যম শোধায়।
লগে লগে ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে নিশা এটা ব্যক্তিগত হোষ্টেলত কিহৰ কাৰণে আছুৰ কৰ্মী যাবলগীয়া হৈছিল, কিয় উদ্ভণ্ডালি কৰিছিল সেয়া স্পষ্ট হোৱা নাই যদিও আছু কৰ্মীয়ে সুৰা সেৱন কৰি থকা এটা ডিডিঅ' ভাইৰেল হোৱাৰ সন্দৰ্ভত গোটেই বিষয়টোৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে ।
Also Read: পৃথক মিচিং ৰাজ্যৰ দাবীৰে গঠন হোৱা সশস্ত্ৰ মিচিং সংগঠন LDCMৰ নিয়মানুৱৰ্তিতাৰ কৰ্মশালা