সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ মৰিয়নিত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। সুৰাৰ বটলেৰে এগৰাকী মহিলাক আক্ৰমণ কৰে এজন যুৱকে। মৰিয়নিৰ তিতাবৰৰ মেজিক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, টকা-পইচা সম্বন্ধীয় সংঘাতৰ ফলতেই এই ঘটনা সংঘটিত হয়। আক্ৰমণকাৰী যুৱকজনৰ নাম পণ্ডিত মিশ্ৰ বুলি জানিব পৰা গৈছে। যুৱকজনে মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ পুত্ৰকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে বুলিও জানিব পৰা গৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী পণ্ডিত মিশ্ৰই পলায়ন কৰে বুলি জানিব পৰা গৈছে।

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ
মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in