মৰিয়নিত পানী যোগান আঁচনিত কোটি টকাৰ কেলেংকাৰী...

মৰিয়নিত পানী যোগান আঁচনিত কোটি টকাৰ কেলেংকাৰী...

author-image
Asomiya Pratidin
New Update
মৰিয়নিত পানী যোগান আঁচনিত কোটি টকাৰ কেলেংকাৰী...

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নি সমষ্টিৰ গ্ৰেটাৰ চেলেং পানী যোগান আঁচনিত সংঘটিত বিয়াগোম কেলেংকাৰীৰ তদন্ত বিচাৰি উচ্চ ন্যায়লয়লত আবেদন দাখিল কৰিছে। ২০১৩চনতে নিৰ্মাণৰ কাম আৰম্ভ হোৱা পানী যোগান আঁচনিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ল যদিও ৰাইজে আজিও লাভ নকৰিলে এটুপি বিশুদ্ধ খোৱাপানী।

ইপিনে আমগুৰিৰ দিগন্ত শইকীয়া নামৰ এজন ব্যক্তিয়ে কৰা আৰ টি আইৰ তথ্যত উন্মোচিত হৈছিল পানী যোগান আঁচনিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য। প্ৰায় ৪০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিৰ গৰিষ্ঠ সংখ্যক ধন যোৰহাটস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া অভিযন্ত্ৰাৰ লগতে ঠিকাদাৰে আত্মসাৎ কৰাৰ তথ্য উন্মোচিত হৈছে আৰ টি আই তথ্যত। শেহতীয়াকৈ পানী যোগান আঁচনিৰ দুৰ্নীতি অনিয়ম সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়লয়ত ৰাজহুৱা স্বাৰ্থ জড়িতৰ আবেদন দাখিল কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আবেদন জনাইছে আৰ টি আই কৰ্মীগৰাকীয়ে।

Also Read: গোলাঘাটৰ শাক-পাচলি বজাৰত উদ্ধাৰ মৃতদেহ

mariyani Water Resources Department water supply project