তিতাবৰ সমজিলাৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

তিতাবৰ সমজিলাৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

author-image
Asomiya Pratidin
New Update
তিতাবৰ সমজিলাৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

তিতাবৰ সমজিলাৰ শুভ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ...

ডিজিটেল সংবাদ দিছপুৰঃ অসমৰ প্ৰশাসনিক খণ্ডত এক নৱতম সংযোজন হিচাপে আজি যোৰহাট জিলাৰ তিতাবৰত সমজিলাৰ শুভ উদ্বোধন কৰে বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। তেওঁ আজি তিতাবৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে।

এই উপলক্ষে তিতাবৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে এই সমজিলা গঠনক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিস্বৰূপ পদক্ষেপ বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ শাৰীলৈ লৈ যোৱাৰ বাবে মুখ্যমন্ত্রীগৰাকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই প্ৰচেষ্টাক সমজিলা গঠনে এক নতুন গতি প্ৰদান কৰিলে বুলি উল্লেখ কৰে।

মন্ত্ৰী অজন্তা নেওগে সমজিলাসমূহে বিভিন্ন উন্নয়নমূলক আঁচনি জনসাধাৰণৰ অধিক ওচৰ চপাই নিব বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ, ক্ষমতা বিকেন্দ্ৰীকৰণ, তৃণমূল পৰ্যায় পৰ্যন্ত প্ৰতিজন লোককে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰিব সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।

সভাত ভাষণ প্ৰদান কৰি তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দূৰদৰ্শী নেতৃত্বত সমজিলা গঠনেৰে অসম চৰকাৰে উন্নয়ন ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি মন্তব্য কৰে। আজিৰ সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ ভাষণত প্ৰশাসনিক সংস্কাৰ আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ দিশত সমজিলা গঠন এক উল্লেখনীয় পদক্ষেপ বুলি মন্তব্য কৰে।

সমজিলা গঠনৰ পিছত এতিয়া ৰাজহ সম্পৰ্কীয় যিকোনো সেৱাৰ লগতে অন্যান্য চৰকাৰী সেৱাসমূহ কিদৰে ৰাইজৰ বাবে সহজ হৈ উঠিব তেওঁ সেই বিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী দেৱে।

Also Read: কাইলৈৰ পৰা দিল্লীৰ 'দ্য অশোক'ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৪'...

অজন্তা নেওগ তিতাবৰ সমজিলা