ডিজিটেল ডেস্কঃ হঠাৎ অসুস্থ হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। তিতাবৰত অনুষ্ঠিত হোৱা এক দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ অৱস্থাতে মন্ত্ৰীগৰাকী অসুস্থ হোৱাৰ বাবে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় যোৰহাট মেডিকেল কলেজ হাস্পতালত।
চিকিৎসকে তেওঁক পৰীক্ষা কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। জানিব পৰা মতে মন্ত্ৰীগৰাকীৰ কণ্ঠনলীত কিছু অসুবিধা হৈছিল। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। চিকিৎসকে তেওঁক জিৰণিৰ প্ৰয়োজন বুলি পৰামৰ্শ আগবঢ়াইছে।