ম্যানমাৰ চৰকাৰ -এনএছচিএন আঙ মাই গোটৰ মাজত যুদ্ধ বিৰতিৰ পৰিকল্পনাক লৈ সকীয়নী এন এছ চি এন ৱাই এ গোটৰ

অগ্ৰণী খবৰ
অগ্ৰণী খবৰ
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজান : ছাগাইঙস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আংমাই গোট আৰু ম্যানমাৰ কৰ্তৃপক্ষৰ মাজত যুদ্ধবিৰতি চুক্তিৰ পৰিকল্পনা কাৰ্যক কঠোৰভাৱে সকীয়াই দিছে এন এছ চি এন/জি পি আৰ এন (YA) গোটে। এক বিবৃতিত এই কথা উল্লেখ কৰে।

এন ৱাই গোটে কৈছে যে এনএছচিএন-আংমাই গোটটোৰ নগা জাতিৰ ভৱিষ্যতক লৈ কোনো ৰাজনৈতিক বৈধ এজেণ্ডা নাই। সেয়ে তেওঁলোকৰ এই কাৰ্য্যই নগা জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব নকৰে । দুয়োটা সত্তাৰ মাজত যিকোনো বুজাবুজি কেৱল তেওঁলোকৰ মাজতে সীমাবদ্ধ থাকিব আৰু ই নগা কাৰ্য্যক প্ৰভাৱিত নকৰে।

কেৱল এন এছ চি এন ( ৱাই এ)য়ে নগাসকলৰ আৱেগক প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষাক সমৰ্থন কৰে। এন এছ চি এন-আংমাই গোট আৰু ম্যানমাৰ চৰকাৰৰ মাজৰ যুদ্ধ বিৰতি আলোচনাৰ পদক্ষেপে পূব নগা অঞ্চলৰ স্থিতিশীলতা আৰু ঐক্য বিপন্ন কৰিব পাৰে বুলি সকীয়াই দিছে।

এয়া বিভাজনকাৰী ৰাজনীতিৰ আৰ্হি বুলি অভিহিত কৰি এই যুদ্ধ বিৰতি পদক্ষেপক সমালোচনা কৰি এন এছ চি এন/জি পি আৰ এন-এ ম্যানমাৰৰ এই দৃষ্টিভংগীক তেওঁলোকে ভাৰতৰ “বিভাজনকাৰী মানসিকতা” বুলি উল্লেখ কৰিছে। তেওঁলোকে ম্যানমাৰৰ চৰকাৰক এন এছ চি এন-আংমাই গোটক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে

ইয়াৰ ফলত অঞ্চলটো অস্থিৰ হৈ পৰিব আৰু নগা জনসাধাৰণৰ জীৱিকাৰ ক্ষতি হ’ব বুলি সকীয়াই দিয়ে। ইফালে ম্যানমাৰৰ নগা প্ৰদেশ ছাগাইঙ এন এছ চি এন আই এমে এন এছ চি এন খাপলাঙ ফৈদৰ একে শিবিৰত মিলিত হোৱা বুলি বাতৰি আহিছে।

অগ্ৰণী খবৰ
সোনাৰী চাপৰিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহকুমা প্ৰশাসনৰ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in