বৰহোলাত অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা এজনক আটক...

নিজ ঘৰতে প্ৰতিষ্ঠান খুলি চলাই আহিছিল অনলাইন ট্ৰেডিং

author-image
Asomiya Pratidin
New Update
বৰহোলাত অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা এজনক আটক...

বৰহোলাত অনলাইন ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰা এজনক আটক...

ডিজিটেল সংবাদ বেকাজানঃ অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা জাল পেলাই কোটি কোটি টকা আত্মসাৎ কৰাৰ কেলেংকাৰী বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে আজি বৰহোলা আৰক্ষীয়ে গড়াজানৰ ১৬নং ব্লক গাঁৱৰ পৰা অভিনাশ পাৰধিয়া নামৰ যুৱকজনক সোধাপোছাৰ বাবে বাসগৃহৰ পৰা আটক কৰে।

জানিব পৰামতে যুৱকজনে নিজ বাসগৃহতে Good luck Tutor center private limited নামেৰে এটা প্ৰতিষ্ঠান স্থাপন কৰি অনলাইন ট্ৰেডিঙ চলাই আহিছিল। সাতগৰাকী যুৱকৰ সৈতে অভিনাশ পাৰধিয়াই ইতিমধ্যে কেইবাটাও অলাইন ট্ৰেডিঙ এপৰ জৰিয়তে দীৰ্ঘদিনৰ পৰাই বহু লোকৰ লাখ লাখ টকাৰ ট্রেডিং কৰি আহিছিল।

বৰহোলা একাংশ অ' এন জি চিৰ চাকৰিয়াল, ব্যৱসায়ী ঠিকাদাৰ আৰু শিক্ষকে লাখ লাখ টকা বিনিয়োগ কৰিছিল যদিও বৰ্তমান আৰক্ষীৰ জালত পৰা ভয়ত মুখ খুলিব বিচৰা নাই। যুৱকজনক আৰক্ষীয়ে সোধাপোছা আৰু তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে সংবাদ মাধ্যমক কোনো কথা জানিবলৈ দিয়া নাই আৰক্ষীয়ে ।

Also Read: জ্যেষ্ঠ সাংবাদিক সুৰজিৎ ভূঞাঁৰ স্মৃতি সোঁৱৰি ধেমাজি প্ৰেছ ক্লাৱত শোকসভা...

বৰহোলা অনলাইন ট্ৰেডিঙ