ডায়েট যোৰহাটত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান...

তিতাবৰ অসামৰিক চিকিৎসালয়ৰ চাৰিজনীয়া এটি চিকিৎসকৰ দলৰ অংশগ্ৰহণ
ডায়েট যোৰহাটত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান...
ডায়েট যোৰহাটত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান...
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট (এন এছ এছ) তথা তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি এদিনীয়াকৈ প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ সম্পন্ন হয়। প্ৰশিক্ষণ প্ৰদান কৰে তিতাবৰ অসামৰিক চিকিৎসালয়ৰ চাৰিজনীয়া এটি চিকিৎসকৰ দলে।

দলটিত আছিল ক্ৰমে ডাঃ সুকুমাৰ সৰকাৰ, ডাঃ শিখাৰাণী গগৈ, জি এন এম ক্ৰমে জুনু বৰা আৰু মীৰামণি বেডিয়াই। অনুষ্ঠানটোৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটৰ অধ্যক্ষ অনন্ত গগৈয়ে।

ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া তথা প্ৰবক্তা সুমিত কুমাৰ থাপাই প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণটিৰ প্ৰয়োজনীয়তা তথা উদ্দেশ্য ব্যাখ্যা কৰে। শতাব্দী কাশ্যপে আঁত ধৰা অনুষ্ঠানটিত প্ৰাথমিক চিকিৎসা সম্পৰ্কত মন্তব্য আগবঢ়ায় ডাঃ শিখাৰাণী গগৈয়ে অতি সুন্দৰভাৱে নাটকীয় ৰূপত হঠাৎ শ্ৰেণী কক্ষত হোৱা আঘাত বা দুৰ্ঘটনাত কেনে ব্যৱস্থা ল'ব পাৰি সেই সম্পৰ্কে অৱগত কৰে।

ইয়াৰ উপৰিও ডাঃ সুকুমাৰ সৰকাৰে CPRয়ে এজন মানুহৰ জীৱন ৰক্ষা কৰিব পাৰি তাক পুংখানুপুংখভাৱে কৰি দেখুৱায়। তদুপৰি দুৰ্ঘটনা, সাপে খুঁ‌টা, শ্ৰেণী কক্ষৰ অঘটন, প্ৰাৰ্থনা সভাত অচেতন হোৱা বা মূৰ্ছা যোৱা আদি সমূহত প্ৰাথমিক চিকিৎসা প্ৰদান কেনেদৰে কৰিব পাৰি এই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে।

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰশিক্ষণটিত ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা ড° বিষ্ণুপ্ৰিয়া শইকীয়া, ৰীতা চলিহা, মুকুল ফুকন তথা প্ৰবক্তা কল্পনা হাজৰিকা গগৈ, নেত্ৰ গগৈ, বিকাশ পেগু,পূৰবী বৰা, ধ্ৰুবজ্যোতি বৰা আৰু পোনা দাস উপস্থিত থাকি প্ৰশিক্ষণটোৰ সৌষ্ঠব বৃদ্ধি কৰে। যোৰহাট ডায়েটৰ নব্বৈ জনকৈ এন এছ এছ সদস্যই প্ৰশিক্ষণটিত অংশ গ্ৰহণ কৰি প্ৰশিক্ষণটিৰ উদ্দেশ্য সাফল্য মণ্ডিত কৰে।

ডায়েট যোৰহাটত প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান...
শিল্পীৰ বহুত দাম, নেতায়ো জুৰিব বিহু নাম !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in