ডিজিটেল সংবাদ কাজিৰঙা: ২০০৯ বৰ্ষৰ এটা অভিশপ্ত দিন আছিল ৬ নৱেম্বৰ ৷ এই দিনটোতে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰয়াত নৱীন চন্দ্ৰ ৰাজখোৱাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷
নৱীন ৰাজখোৱা এজন কৰ্মৰত চৰকাৰী শিক্ষকেই নহয় তেওঁ আছিল প্ৰতিজন শিক্ষাৰ্থীৰ বন্ধু ,কিম্বা আত্মীয় ৷ ইয়াৰোপৰি এজন শৃংখলাবদ্ধ ছাত্ৰৰ পথ প্ৰদৰ্শক ,এজন সুদক্ষ খেলুৱৈ ৰূপে চিনাকী আছিল শিক্ষকজন৷
হাহিঁ ধেমালি কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত ব্যৱধান হ্ৰাস কৰি যি কোনো নুবুজা কথা যিকোনো সময়ত শিকিব পৰা পৰিৱেশ গঢ়ি তুলিছিল কাজিৰঙাত ৷ দীঘল হাতৰ চাৰ্ট পিন্ধা শিক্ষকজনে কোনো দিনাই হাতৰ বুটাম নামাৰিছিল ৷
অকণমান মুটোকাই লৈ দুয়োহাত বতাহত নাচি থকা নাহৰৰ চিৰিলি চিৰিলি পাতবোৰৰ সতে তাল মিলাই এক বিশেষ ভংগিমাত জোকাৰি জোকাৰি গাড়ীৰ পৰা নামি বিদ্যালয়ৰ সেউজীয়া ৰাস্তাটোৰে সোমাই আহিছিল শিক্ষকজন ৷
খৰকৈ খোজ কঢ়া শিক্ষকজনকপাছফালৰ পৰা কোনোবাই চাৰ্টত ধৰি ৰখাবলৈ চেষ্টা কৰাৰ দৰে হয় পাছফালৰ চাৰ্টৰ চোট ৷ মুখত অনবৰতে সৰলতাই জিল মিলাই থকা শিক্ষকজনৰ প্ৰাণ খোলা হাঁহি ৷
গণিতৰ সূত্ৰবোৰৰ লগতে শিক্ষকজনে ছাত্ৰ-ছাত্ৰীক শিকাইছিল হাঁহিৰে জীৱনটোক সহজ কৰি তুলিবৰ বাবে একো একোটা সূত্ৰ ৷ আজি এই পবিত্ৰ ক্ষণত শিক্ষকজনৰ আত্মাই বৈকুণ্ঠত স্থিতি লৈ সকলোৰে যেন আশীষ হৈ থাকে তাৰ বাবে বিদ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে সোঁৱৰণ কৰে সাংবাদিক- দল সংগঠনে ৷
প্ৰতিদিন টাইমৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই উদ্যোগ লোৱা অনুষ্ঠানটোত মুখ্য বন্তি প্ৰজ্বলন কৰে যুৱ ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত যুৱনেতা অনন্ত গগৈয়ে ৷ অনুষ্ঠানটোত সীমান্ত গগৈ,নৱাগত গগৈ,স্বৰাজ হাজৰীকাৰ লগতে বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷
Also Read: বিশ্বকাপত 'টাইম আউট' মেথিউজ : ছাকিবৰ ক্ৰীড়া সংস্কৃতিক লৈ প্ৰশ্ন...