বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস পালন

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস পালন

author-image
Asomiya Pratidin
New Update
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছহিদ দিৱস পালন

ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰ মহকুমাৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে বৰহোলাত ছহিদ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগে আৰু ছহিদ তৰ্পণ কৰে তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ধুয পাঠকে।

কাৰ্যসূচীৰ আঁত ধৰে বৰহোলা আছুৰ উপ সভাপতি অতুল চুতীয়াই। দিৱসৰ লগত সংগতি ৰাখি 'গৱাক্ষ' নামৰ তৃতীয় বৰ্ষৰ তৃতীয় সংখ্যাৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দ্বীপেন শইকীয়াই।

পত্ৰিকা উন্মোচন কৰি শইকীয়াই ভাষণত কয় যে, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ বিশেষ দিনটোত প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব। এনে আদৰণীয় পদক্ষেপ ভৱিষ্যতেও গ্ৰহণ কৰি যাবলৈ আছু কৰ্মীসকলক আহ্বান জনাই দ্বীপেন শইকীয়াই।

অনুষ্ঠানত সেউজী কানন শাখা সাহিত্য সভাৰ সভানেত্ৰী ৰূপা নেওগ হাজৰিকা, বৰহোলা মহাবিদ্যালয়ৰ উপাধক্ষ্য দিলীপ কুমাৰ খাউণ্ড আদি উপস্থিত থাকিও চমু বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিগন্ত বৰা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অংকুৰ সোনোৱাল, কুকীমণি শইকীয়া, প্ৰিয়দৰ্শিনী চেতিয়া, উৎপল সোনোৱাল, অজয় ৰবিদাসৰ লগতে আঞ্চলিকৰ অন্যান্য বিষয়ববীয়া, বৰহোলা মহাবিদ্যালয় আছু গোটৰ বিষয়ববীয়া, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Also Read: নলবাৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস পালন

student union titabor