ডিজিটেল সংবাদ, তিতাবৰ : তিতাবৰত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা। নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল এজন লম্পট প্ৰকৃতিৰ শিক্ষক।
শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকে যৌন নিৰ্যাতনৰ দৰে অসামাজিক ঘটনাত লিপ্ত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে টিউচন কৰাৰ চলেৰে শিক্ষকে ছাত্ৰীক যৌন উৎপীড়ন চলোৱা বুলি অভিযোগ উঠিছে ৷
নিজা ঘৰত টিউচন কৰাৰ চলেৰে ছাত্ৰীক গোপনীয় অংগত হাত বোলাৱা, অশ্লীল মেচেজ দিয়া শিক্ষকৰ এই কৰ্মকাণ্ডই সমগ্ৰ শিক্ষক সমাজখনকে লজ্জানত কৰিছে ৷ এই জঘন্য কাণ্ড সংঘটিত কৰা শিক্ষকগৰাকী হৈছে তিতাবৰ চৰিয়াপথাৰৰ মানৱ জ্যোতি বৰা ৷
লম্পট মানসজ্যোতি বৰাক ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে শিক্ষক মানসজ্যোতি বৰা তিতাবৰৰ এখন আগশাৰী ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক। ইতিমধ্যে মানস জ্যোতি বৰাক কৰ্মৰত বিদ্যালয়ৰ পৰাও নিলম্বন কৰিছে। শিক্ষকৰ এই কাণ্ডই তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
Also Read: আপ অসমৰ সংবাদমেল : বিজেপি নেতা অসীম দাসৰ গ্ৰেপ্তাৰে উদঙাইছে চৰকাৰৰ দুৰ্নীতি...