তিতাবৰ আৰক্ষী থানাৰ ভিতৰত সাপৰ আতংক !

তিতাবৰ আৰক্ষী থানাৰ ভিতৰত সাপৰ আতংক !

author-image
Asomiya Pratidin
New Update
উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

ডিজিটেল সংবাদ,বেকাজান : মঙলবাৰে তিতাবৰ আৰক্ষী থানাৰ লক-আপতে এজন অভিযুক্তক এটা বিষাক্ত সাপে মেৰিয়াই ধৰাত মুৰ্ছা যায়। উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰাজু ৰবিদাস নামৰ এজন যুৱকক লক-আপৰ ভিতৰত ভৰাই ৰাখিছিল।

লক আপৰ ভিতৰতে যুৱকজনক সাপে মেৰিয়াই ধৰে । লগে লগে থানাৰ ভিতৰত এক হুৱাদুৱা পৰিবেশ সৃষ্টি হয়। লক আপৰ ভিতৰত থকা যুৱকজন সাপৰ ভয়ত মুৰ্ছা যায়। লগে লগেই ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰাজু ৰবিদাসক চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে সাপটোৱে যুৱকজনক দংশন কৰা নাছিল । সম্প্ৰতি এই ঘটনাই আৰক্ষী মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। ইফালে তিতাবৰ থানা চৌহদ চাফ -চিকুণ নকৰা ফলত সাপে এনেদৰে লক আপৰ ভিতৰত এন্দুৰ নিগনি বিচাৰি প্ৰবেশ কৰা বুলি মন্তব্য কৰিছে।

Assam police titabor