ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা : ত্ৰিপুৰা, হাৰিয়ানা আৰু হিমাচলৰ জয়েৰে আৰম্ভ...

ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা : ত্ৰিপুৰা, হাৰিয়ানা আৰু হিমাচলৰ জয়েৰে আৰম্ভ...

author-image
Asomiya Pratidin
New Update
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা :
ত্ৰিপুৰা, হাৰিয়ানা আৰু হিমাচলৰ জয়েৰে আৰম্ভ...

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত যোৰহাট ষ্টেডিয়াম আৰু মৰিয়নী বাপুজী ষ্টেডিয়ামত চলি আছে ১৫ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপ ছাব-জুনিয়ৰ বয়জ (টায়াৰ-২) প্রতিযোগিতা। এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে যোৰহাট ষ্টেডিয়ামত দুখন আৰু বাপুজী ষ্টেডিয়াত এখন খেল অনুষ্ঠিত হয়।

আজিৰ পৰা প্ৰতিযোগিতাখনৰ গ্ৰুপ ‘বি’ আৰু গ্ৰুপ ‘ডি’ৰ খেলসমূহ আৰম্ভ হৈছে। তাৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘বি’ দুখন খেলৰ প্ৰথমখনত ছণ্ডীগড় ৰাজ্যিক ফুটবল দল আৰু ত্ৰিপুৰা ৰাজ্যিক ফুটবল দল মাজত অনুষ্ঠিত হয়।

আনখন হাৰিয়ানা ৰাজ্যিক ফুটবল দল আৰু আন্দামান নিকোবৰ দলৰ মাজত হয়। ইয়াৰ বিপৰীতে মৰিয়নি বাপুজী ষ্টেডিয়ামত গ্ৰুপ ‘ডি’ৰ এখন খেলত অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক ফুটবল দল আৰু হিমাচল প্ৰদেশ ৰাজ্যিক ফুটবল দলৰ মাজত অনুষ্ঠিত হয়।

আজি ত্ৰিপুৰা আৰু ছণ্ডীগড়ৰ মাজত অনুষ্ঠিত খেলখনত ত্ৰিপুৰাই ছণ্ডীগড়ক ৮-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতা আৰম্ভ কৰে। খেলখনত ত্ৰিপুৰা দলৰ হৈ খেলৰ ৫০, ৬০ আৰু ৭১ মিনিটত দলটোৰ অতিৰিক্ত খেলুৱৈ নাইথক জামাতিয়াই তিনিটা গ’ল দিয়ে। ইয়াৰ উপৰিও ৪৯ মিনিটত আয়ুষ চাকমাই, ৫৩ মিনিটত পইটো দেৱবাৰ্মাই, ৫৫ মিনিটত জেনেচিছ ডাৰলঙে, ৭৯ মিনিটত হামক্ৰুংঘা ৰেঙে, ৮৩ মিনিটত তৰুণ সৰকাৰে একোটাকৈ গ’ল দিয়াৰ বিপৰীতে ছণ্ডীগড় দলৰ হৈ একমাত্ৰ গ’লটো দিয়ে দলটোৰ অধিনায়ক পাৰ্থ খান্নাই খেলৰ প্ৰথম ৯ মিনিটতে।

আনখন খেলত হাৰিয়ানাই আন্দামান নিকোবৰক ৮-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰিছে। খেলখনত হাৰিয়ানা দলৰ হৈ গ’ল কেইটা দিয়ে ক্ৰমে খেলৰ ৫, ৬৫ আৰু ৬৭ মিনিটত সুখবিন্দৰে, ২৩, ৮৪ আৰু ৯২ মিনিটত ৰাজবীৰ কাপুৰে তিনিটাকৈ গ’ল দিয়ে। তাৰ উপৰিও ৫০ মিনিটত হৰজিন্দৰ সিঙে আৰু ৯৩ মিনিটত পীয়ুষ ৰথীয়ে একোটাকৈ গ’ল দিয়ে।

আনহাতে মৰিয়নী বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ খেলখনত হিমাচল প্ৰদেশে অন্ধ্ৰ প্ৰদেশক ১১-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি লীগৰ সম্পূৰ্ণ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতা আৰম্ভ কৰিছে। খেলখনত হিমাচল প্ৰদেশ দলৰ হৈ খেলৰ ১৭, ৫১ আৰু ৬৪ মিনিটত হৰ্ষিত জাছৱালে তিনিটা, ৬ আৰু ২১ মিনিটত সান্যামে দুটা, ৪৯ আৰু ৫৫ মিনিটত দেৱান ৰাজপুতে দুটা, ৮৮ আৰু ৮৯ মিনিটত আৰিয়ানহিৰে দুটা গ’ল দিয়াৰ উপৰিও ১১ মিনিটত পাৰ্টিভান ভলগাৰিয়াই আৰু ২৫ মিনিটত আদিত শৰ্মাই একোটাকৈ গ’ল দিয়ে।

কাইলৈৰ খেলঃ পুৱা ৮ বজাত যোৰহাট ষ্টেডিয়ামত গ্ৰুপ ‘এ’ৰ তেলেংগানা ৰাজ্যিক ফুটবল দল আৰু মধ্য প্ৰদেশৰ মাজত, দ্বিতীয়খন খেল বিয়লি ৩ বজাত লাক্ষাদ্বীপ আৰু তামিলনাডুৰ মাজত। ইফালে মৰিয়নীৰ বাপুজি ষ্টেডিয়ামত পুৱা ৯ বজাত গ্ৰুপ ‘চি’ৰ উত্তৰাখাণ্ড আৰু জম্মু কাশ্মীৰৰ মাজত, দ্বিতীয়খন খেল বিয়লি ৩ বজাত ৰাজস্থান আৰু পণ্ডীচেৰীৰ মাজত।

Also Read: ৰঙিয়াত অনৈতিক কাৰ্যকলাপৰ গোচৰত অভিযুক্তক ৬বছৰ কাৰাদণ্ড

football tournament