যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...

বিজয়ীসকলে অংশগ্ৰহণ কৰিব সদৌ অসম দবা প্ৰতিযোগিতাত
যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...
যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ যোৰহাটঃ যোৰহাট জিলা দবা সন্থাৰ উদ্যোগত যোৱা ১৮, ২৫ আৰু ২৬ আগষ্টত তিনিদিনীয়া কাৰ্যসূচীয়ে অনুষ্ঠিত হোৱা যোৰহাট জিলা ৯ বছৰ অনূৰ্ধ্ব (মুকলি-ছোৱালী) আৰু ১৩ (মুকলি-ছোৱালী) বছৰ অনূৰ্ধ্ব শাখাৰ দবা প্ৰতিযোগিতাখন আজি সফলতাৰে সামৰণি পৰিছে।

যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ৯ (মুকলি) বছৰ অনূৰ্ধ্ব শাখাত আৰ্জিত আলয় হাজৰিকাই প্ৰথম, আৰৱ বিশ্বকৰ্মাই দ্বিতীয়, অভিউদয় লহকৰে তৃতীয় আৰু জেনন গগৈয়ে চতূৰ্থ স্থান লাভ কৰে। আনহাতে ৯ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত ডেলিছা আহমেদ জিলানীয়ে প্ৰথম, অনিন্দিতা খনিকৰে দ্বিতীয়, আদ্ৰিজা খনিকৰে তৃতীয় আৰু শ্ৰীৰ্জা পলে চতুৰ্থ স্থান লাভ কৰে।

১৩ বছৰ অনূৰ্ধ্ব (মুকলি) শাখাত বুদ্ধিস্বত্ব ভৌমিকে প্ৰথম, গুৰ্ণানভ গগৈয়ে দ্বিতীয়, ছৈয়দ জাবিৰ হামদানে তৃতীয় আৰু বৰ্ণিল হাজৰিকাই চতুৰ্থ স্থান লাভ কৰে। ইফালে ১৩ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত বৃষ্টিকংকনা নায়কে প্ৰথম, প্ৰাচী কোঁৱৰে দ্বিতীয়, লুইতপ্ৰিয়া ভৰালীয়ে তৃতীয় আৰু অন্বেষা গোস্বামী চতুৰ্থ স্থান লাভ কৰে।

আজি খেলৰ অন্তত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বঁটা বিতৰনী অনুষ্ঠানটি আতঁ ধৰে সন্থাৰ সদস্য নিৰ্মল গগৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি পুৰষ্কাৰসমূহ প্ৰদান কৰে ক্ৰমে সন্থাৰ উপ-সভিপতিদ্বয় শিৱৰঞ্জন শৰ্মা আৰু মুকুল চেতিয়া, সম্পাদক মাধূৰ্য ভৰালী, সন্থাৰ সদস্য তথা দবা প্ৰশিক্ষক আব্দুছ ছাদ্দিক আৰু নিলাভজ্যোতি বৰঠাকুৰে।

প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় আৰ্বিটাৰ অভিষেক বৰঠাকুৰে আৰু সহযোগ কৰে ক্ৰমে যামিনী মোহন বৰুৱা, উৎপল বৰা, আছিফ ইকবাল হাজৰিকা আৰু নিলাভ জ্যোতি বৰঠাকুৰে। উল্লেখযোগ্য যে, উক্ত অনুষ্ঠানতে স্থানপ্ৰাপ্ত সকলো খেলুৱৈকে ট্ৰফী আৰু মানপত্ৰৰে সন্মানিত কৰাৰ লগতে আগন্তুক সদৌ অসম দবা প্ৰতিযোগিতাত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব বুলি সন্থাই সভাতে অৱগত কৰে।

যোৰহাটত ৯ আৰু ১৩ বছৰ অনূৰ্ধ্বৰ দবা প্ৰতিযোগিতাৰ সফল সামৰণি...
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে আটক কৰিলে দুগৰাকী মহিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in