জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত টাই ভাষাৰ কৰ্মশালাৰ সামৰণি

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত টাই ভাষাৰ কৰ্মশালাৰ সামৰণি

author-image
Asomiya Pratidin
New Update
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত টাই ভাষাৰ কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ, যোৰহাট : জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ সহযোগত ১৯ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈকে দহ দিনীয়া টাই ভাষাৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়। সেই উপলক্ষে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ আলোচনা কক্ষত সফল সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মূল সভাৰ আয়োজন কৰা হয়।

মূল সভাখনিৰ আঁত ধৰে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ জ্যোতিৰেখা হাজৰিকাই। অসমীয়া বিভাগৰ সকলো অধ্যাপক অধ্যাপিকাৰ সভাত মহাবিদ্যলয়ৰ অধ্যক্ষ ড° উৎপল জ্যোতি মহন্ত আৰু উপাধ্যক্ষ ড° নুৰুল আলি উপস্থিত থাকে। টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ ১০ দিনত তিনিগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ আগবঢ়াই ক্ৰমে সভাপতি ৰুণু নামচ'ম কোৱঁ‌ৰ, শান্তি চেতিয়া আৰু সুৰজিৎ বুঢ়াগোহাঁইয়ে।

সভাত অসমীয়া বিভাগৰ বাৰে এখনি কৃতজ্ঞতা পত্ৰ পাঠ কৰে টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ মুখ্য সম্পাদিকা বৰ্ষাৰাণী গগৈয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ সমল ব্যক্তি ড৹ মুনীন্দ্ৰ কোৱঁ‌ৰ, প্ৰনৱ কুমাৰ বৰপাত্ৰগোহাঁই, দিগন্ত বুঢ়াগোহাই আৰু দীপালি গগৈ বৰুৱা।

লগতে সক্ৰিয় সদস্যা ক্ৰমে অন্তৰীপা গগৈ, সুস্মিতা গগৈ আৰু সাগৰিকা দুৱৰা উপস্থিত থাকে। কৰ্মশালাত উপস্থিত থকা ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীক মান পত্ৰ প্ৰদান কৰা হয়। টাই হেৰিটেজ প্ৰিজাৰভেচন নেটৱৰ্কৰ এইয়া তৃতীয়খন কৰ্মশালা। সহায় সহযোগ আগবঢ়োৱা সকলো কৰ্ম-কৰ্তাক ধন্যবাদ জনাই শলাগৰ আগবঢ়াই কৰ্মশালাৰ সমন্বয়ক ড৹ পাপুমনি হাজৰিকাই।

Also Read: নামতি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Tai Language Jagannath Barua College