ডিজিটেল সংবাদ বেকাজানঃ বৰহোলা চহৰৰ গাতে লাগি থকা কলমৌ বস্তিত এজন বিবাহিত পুৰুষে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী সোতৰ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি অন্তসত্বা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জানিব পৰামতে বৰহোলা কলমৌ বস্তিৰ ঘোঁৰা ওৰফে সৰুকণ আলীয়ে প্ৰতিবেশী পৰিয়ালৰ এগৰাকী আদিবাসী জনগোষ্ঠীৰ ১৭ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত বিগত কিছু মাহৰ পূৰ্বে ধৰ্ষণ কৰে।
ধৰ্ষণৰ পিছত লম্পট সৰুকণ আলীয়ে কিশোৰীকগৰাকীক এই কথা প্ৰকাশ নকৰিবলৈ নানান প্ৰলোভন আৰু ভাবুকি প্ৰদান কৰে। ভাবুকি আৰু প্ৰলোভনত পৰি কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ পৰা লুকাই ৰাখিছিল। কিন্তু কিশোৰীকগৰাকী বৰ্তমান নমাহৰ অন্তঃসত্বা হোৱাত সমগ্ৰ ঘটনা পৰিয়ালক অৱগত কৰে।
ইফালে এই ঘটনাত ৰাজহুৱা হৈ পৰাত সৰুকণ আলী পলায়ন কৰে। বৰ্তমান কিশোৰীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত আজি মাতৃয়ে বৰহোলা আঞ্চলিক ছাত্র সন্থা আৰু আটছাক এই ঘটনাৰ বিষয়ে অৱগত কৰে। লগে লগে মাতৃয়ে বৰহোলা থানাত গোচৰ দিয়ে।
ইফালে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কিশোৰীক বলপূৰ্বক শাৰীৰিক সম্পৰ্ক গঢ়ি তুলি অন্তঃসত্বা কৰি সৰুকণ আলী পলায়ন কৰা কাৰ্যত গৰজি উঠিছে তিতাবৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু বৰহোলা আঞ্চলিক ছাত্র সন্থা। সংগঠন দুটাই বৰহোলা থানাত উপস্থিত হৈ দোষী লম্পট সৰুকণ আলীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শান্তি দিবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে।
ইয়াৰ অন্যথা জাতীয় সংগঠন কেইটাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। বৰহোলা আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণকাৰীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে, বৰহোলা সমীপত কাকডোঙা নদীৰ পাৰত বিগত কিছু বছৰ পূৰ্বে একাংশ সন্দেহজনক নাগৰিকে কলমৌ বস্তি নামৰ এখন গাঁও গঢ়ি তুলিছে।
এই গাঁওখনৰ পৰাই বিভিন্ন সময়ত চুৰি আৰু ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আৰক্ষীয়ে বিভিন্নজনক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ পুনৰ ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰাত বৰহোলাৰ জাতীয় সংগঠন আছু আৰু আটছা সৰব হৈ উঠিছে।
Also Read: টৰেণ্ট' ছবি মহোৎসৱত এঞ্জেলিনা জলীৰ সৈতে ৰেড কাৰ্পেটত খোজ দিব অসম কন্যা অলংকৃতাই ...