উজনি অসমক কয়লা-বন ধ্বংসৰ বাবে এৰি দিছে বন বিভাগে !

আঢ়ৈ বছৰে গৰাকী বিহীনভাৱে চলি আছে যোৰহাটস্থ বন সংৰক্ষক কাৰ্যালয়ৰ কাম-কাজ
উজনি অসমক কয়লা-বন ধ্বংসৰ বাবে এৰি দিছে বন বিভাগে !
Published on
Updated on

ডিজিটেল সংবাদ, যোৰহাট : উজনি অসময়ত এতিয়া চলিছে সৰ্বাত্মকৰূপত বন ধ্বংস যজ্ঞ। পাটকাই পৰ্বতত চলা কয়লাৰ অবৈধ খননৰ পৰা আৰম্ভ কৰি বনাঞ্চলসমূহত চলা অবৈধ বন ধ্বংসই বিপদ কঢ়িয়াই আনিছে পৰিৱেশতন্ত্ৰলৈ।

অসমত বনভূমি ৰক্ষা কৰা আৰু অসমতে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰা হয়, সেইখন অসমতে আকৌ দেশৰ ভিতৰত সৰ্বাধিক বন ধ্বংস যজ্ঞ চলোৱা হয় । যি সময়ত পৰিৱেশতন্ত্ৰ উদ্ধাৰৰ চমক সৃষ্টি কৰিছে চৰকাৰখনে সেইসময়তে কিন্তু বন বিভাগৰ দৰে এটা বিয়াগোম বিভাগত চলিছে চৰম অৰাজকতা।

শেহতীয়াভাৱে দেখা যায় যে উজনি অসমত বন ধ্বংস ক্ৰমাত বৃদ্ধি পাইছে কিন্তু তেনেসময়তে বিভাগটোৰ অদূৰদৰ্শি কৰ্মকাণ্ডই চকু কঁপাত তুলিছে সচেতন ৰাইজৰ। যিটো কাৰ্যালয়ৰ পৰা উজনি অসমৰ প্ৰতিখন জিলাৰ বন বিভাগটো নিয়ন্ত্ৰণ কৰে সেই কাৰ্যালয় আঢ়ৈবছৰ ধৰি গৰাকীবিহীন ভাৱেই চলি থকাৰ কথা পোহৰলৈ আহিছে।

যোৰহাটস্থ বন সংৰক্ষক কাৰ্যালয় তথা পূৰ্বাঞ্চল বন সংৰক্ষক কাৰ্যালয়টোৰ বন সংৰক্ষকগৰাকীৰ অবিহনেই আজিৰ পৰা আঢ়ৈ বছৰ ধৰি চলি আহিছে। গৰাকীবিহীনভাৱেই চলি আহিছে কাৰ্যালয়টোৰ কামকাজ। এয়া প্ৰকৃতে কেনে আমূল পৰিৱৰ্তন তাকেলৈ এতিয়া সচেতন মহলে প্ৰশ্ন তুলিছে।

এটা গুৰুত্বপূৰ্ণ কাৰ্যালয় গৰাকীবিহীনভাৱে চলা কাৰ্যই বিভাগটো যে অনিয়ন্ত্ৰিতভাৱে চলি আছে তাকে প্ৰমাণ কৰা নাই নে? কিয়নো দেশৰ ভিতৰতেই অসমত সৰ্বাধিক বন ভূমি ধ্বংস হোৱাৰ তথ্য ইতিমধ্যে বিশ্ব বন নিৰীক্ষণ প্ৰকল্পই তথ্য সহকাৰে উদঙাই দেখুৱাছে। ইয়াৰ পিছতো চৰকাৰ তথা বিভাগটো কিঞ্চিতমানো সক্ষম নোহোৱাতো কেৱল দুৰ্ভাগ্যজনকেই নহয় গৰিহণাৰো যোগ্য ।

উজনি অসমক কয়লা-বন ধ্বংসৰ বাবে এৰি দিছে বন বিভাগে !
আৰক্ষীৰ জালত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in