তিতাবৰত চোৰৰ সন্ত্ৰাস: নামঘৰীয়াক আৱদ্ধ কৰি নামঘৰৰ বয়-বস্তু লণ্ড ভণ্ড

তিতাবৰত চোৰৰ সন্ত্ৰাস: নামঘৰীয়াক আৱদ্ধ কৰি নামঘৰৰ বয়-বস্তু লণ্ড ভণ্ড
Published on
Updated on

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে অঞ্চলটোত চোৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। তিতাবৰ চহৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত নিতৌ চুৰি কাৰ্যৰে চোৰে তাণ্ডৱ অব্যাহত ৰখাৰ সময়ত মঙলবাৰে নিশা সংঘটিত এক ঘটনাই চোৰৰ সন্ত্ৰাসৰ ভয়াবহ কাণ্ড পোহৰলৈ আহিছে।

তিতাবৰ ন'আলি ৰে'লগেটৰ সমীপৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা নামঘৰত সংঘটিত হয় ভয়ানক চুৰি কাৰ্য। চোৰে দোভাগ নিশা নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি পোনতে নামঘৰীয়াৰ শোৱনি কোঠা বাহিৰৰ পৰা তলা লগাই বন্ধ কৰি মণিকূটৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই বিমুখ হয়। ফলত চোৰৰ দলটোৱে বয় বস্তু দলিয়াই লণ্ডভণ্ড কৰে।

অৱশ্যে নাঘৰীয়া সাৰ পোৱাৰ উমান পাই চোৰৰ দলটোৱে পলায়ন কৰে।ইফালে নামঘৰীয়াই নিজৰ কোঠাত বাহিৰৰ পৰা তলা মাৰি থোৱাত বাহিৰলৈ ওলাব নোৱাৰি চিঞৰ বাখৰ কৰি ফোন যোগে কেইবাজনো লোকক ঘটনা সন্দৰ্ভত অৱগত কৰাত তেওঁলোকে তলা ভাঙি নামঘৰীয়াক বাহিৰলৈ আনে।

উল্লেখযোগ্য যে নামঘৰ চৌহদত অকলেই থকা নামঘৰীয়া চন্দ্ৰ চুতীয়াই সদৰী কৰা অনুসৰি দোভাগ নিশা প্ৰায় এক বজাত বাহিৰলৈ অহাৰ পাছত এই ঘটনা সংঘটিত হয় । অন্যহাতে নামঘৰ সৈতে সংযুক্ত হৈ থকা বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া প্ৰকল্পৰ মূল গেটৰ সন্মুখত আজি কিছু দিনৰ পৰা একাংশ যুৱকে মাদক দ্ৰব্য সেৱন কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহা বুলি সংঘৰ জিলা সাধাৰণ সম্পাদকে আন এক অভিযোগ উথাপন কৰিছে।

আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি ঘটনা সম্পৰ্কত অনুসন্ধান অব্যাহত ৰাখিছে। পৰিতাপৰ কথা যে তিতাবৰ আৰক্ষীৰ নিষ্কিয়তাৰ বাবে চহৰখনত চুৰি ঘটনা বৃদ্ধি পোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in