শিশু-সাহিত্যিক তিলো সোণোৱালৰ "এই ৰং সেই ৰং নানা ৰং" শীৰ্ষক গ্ৰন্থ উন্মোচন

শিশু-সাহিত্যিক তিলো  সোণোৱালৰ "এই ৰং সেই ৰং নানা ৰং" শীৰ্ষক গ্ৰন্থ উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ,বেকাজানঃ যোৰহাট প্ৰেছ ক্লাবত দেওবাৰে অসমীয়া শিশু সাহিত্যিক তিলো সোণোৱালৰ "এই ৰং সেই ৰং নানা ৰং" শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে।লেখিকা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ড° জোতিৰেখা হাজৰিকাই সম্পাদনা কৰা আৰু বিশিষ্ট চিত্রশিল্পী,অসমীয়া প্রতিদিন কাকতৰ ষ্টাফ কার্টুনিষ্ট মুবীন ৰাভাই অংকন কৰা প্ৰচ্ছদৰ গ্ৰন্থখন আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে।

উক্ত গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড০ উপেন ৰাভা হাকাচামে। সাংবাদিক, সাহিত্যিক তথা শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত "এই ৰং সেই ৰং নানা ৰং" শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি উপেন ৰাভা হাকাচামে কয়- বিশিষ্ট শিশু সাহিত্যিক তিলো সোণোৱাল বৰহোলা ৰাইডাংজুৰি দৰে অত্যন্ত প্ৰান্তীয় অঞ্চলৰ পৰা বহু সংগ্ৰাম কৰি একলব্য নিচিনা কৈ সাধনা কৰি প্ৰতিষ্ঠা লাভ কৰা সাহিত্যিক।

লগতে তেওঁ কয় যে, মোৰ দৰেই তেওঁৰ শৈশৱ তথা জীৱন সংগ্ৰাম একে। সোণোৱাল এখন জনজাতীয় সমাজৰ পৰাই ওলাই আহিছে। অসমত আমি বহু শিশু সাহিত্যিক পাওঁ কিন্তু সেই সকলৰ ভিতৰত তেখেত পৃথক। কাৰণ তেখেতৰ শিশু সাহিত্যৰ ৰচনা শিশু নৈতিক চৰিত্ৰ গঠনৰ ওপৰিও বিজ্ঞান,গণিত আদি নানা তথ্যৰ ওপৰিও গৱেষক ছাত্ৰসকলে লোকসংস্কৃতিৰ সমল পায়, গতিকে আমি তিলো সোণোৱালৰ ৰচনাৰাজিত অন্য লেখকতকৈ সমল বেছি পোৱা যায়।

তেখেতে অসমীয়া শিশু সাহিত্য সমৃদ্ধ কৰা লগতে জনজাতীয় সাহিত্য অৰিহণা যোগাইছে। বুৰঞ্জী বিষয় আৰু জাতিৰ ঐতিহ্য আৰু সংস্কৃতিৰ বহু সমল পোৱা যায় বুলিও তেওঁ নিজ ভাষণত উল্লেখ কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি মহলাল বসুমতাৰী, বিশিষ্ট অতিথি দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন দেউৰী,সাহিত্যিক, শিৱসাগৰ বাণিজ্যিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত।

সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সোণোৱাল কছাৰী সাহিত্য সভা উপ সভাপতি ইন্দেশ্বৰ সোণোৱালে । বৰগীত পৰিবেশন কৰে শিশু শিল্পী বেদাংগ পাপ বৰা, গৌৰৱ গগৈ আৰু কবিতা আবৃত্তি কৰে আৰাধ্যা গগৈ আৰু বার্ষিকন্যা সোণোৱালে। যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মাধৱ মহন্তই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে অসম সাহিত্য সভা প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰ নাথ হাজৰিকা, সাহিত্যিক ক্ষীৰোদ দাস, অধিবক্তা জয়ন্ত দেৱশৰ্মা ,কবি মাখন কলিতা,ডাঃ নিৰঞ্জন দাস প্ৰফুল্ল ভূঞা সাংবাদিক যোগেশ ওজা, মণ্টুচ্ কোঁৱৰ ,মুনমী লালিম, ৰূপা নেওগ হাজৰিকা, অধ্যাপক জ্যোতিময় বৰদলৈ ছত্ৰজিত যাদৱ ,দিব্যজ্যোতি সোণোৱাল,প্ৰফুল্ল ভূঞা আৰু প্ৰতাপ চন্দ্ৰ শৰ্মা।

উল্লেখযোগ্য এসময়ত সাংবাদিকতাৰে সাহিত্য জগতত খোজ পেলোৱা তিলো সোণোৱালে তেওঁৰ প্ৰজ্ঞা, সাধনা , প্ৰচুৰ অধ্যয়নশীলতা আৰু অভিজ্ঞতাৰে এতিয়ালৈকে প্ৰায় ২২ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি আহিছে ।

এই গ্ৰন্থসমূহৰ ভিতৰত তেওঁৰ ' অকণিৰ টেলিফোন ' দৰে গ্ৰন্থই অসম সাহিত্য সভাৰ নকুল চন্দ্ৰ সভাপণ্ডিত বঁটা, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ বৰ্ণমালা প্ৰকাশনৰ ভাবিৰাম হাজৰিকা শিক্ষা সাহিত্য বঁটা, ভাৰতীয় দলিত সাহিত্য অকাডেমী সাহিত্যশ্ৰী সন্মান, কবি সুকান্ত ভটটাচাৰ্য স্মাৰক বঁটা, অসম চৰকাৰৰ সাহিত্য পেঞ্চন, যোৰহাট জিলা সাহিত্য সভাৰ কাব্যশ্ৰী হাজৰিকা ন্যাস বঁটা আদি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

শিশু-সাহিত্যিক তিলো  সোণোৱালৰ "এই ৰং সেই ৰং নানা ৰং" শীৰ্ষক গ্ৰন্থ উন্মোচন
ধেমাজিত অত্যাধুনিক দন্ত চিকিৎসাৰ প্ৰতিষ্ঠান মুকলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in