উন্নয়ণমুখী লক্ষ্যৰে মাধপুৰ পঞ্চায়তৰ বিশেষ পদক্ষেপ

তিতাবৰ মহকুমাৰ মাধপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয়

author-image
Asomiya Pratidin
New Update
উন্নয়ণমুখী লক্ষ্যৰে মাধপুৰ পঞ্চায়তৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ মহকুমাৰ মাধপুৰ গাঁও পঞ্চায়তৰ উদ্যোগত শুকুৰবাৰে উন্নয়ণমুখী লক্ষ্যৰে পঞ্চদশ বিত্ত আয়োগৰ ২০২২-২৩ বৰ্ষৰ পুঁজিৰে কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয়। মাধপুৰৰ হস্ত তাঁত বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰত মাধপুৰ পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা ফুকনে বন্তি প্ৰজ্বলন কৰাৰ পিছতে যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন কুমাই শইকীয়াই ফিটা কাটি আধাৰশিলা স্থাপনেৰে কেন্দ্ৰটোৰ চাৰিবেৰাৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে।

আধাৰশিলা স্থাপনৰ পিছতে কেন্দ্ৰটোত এখন সভা অনুষ্ঠিত হয়। হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ পৰিদৰ্শক সঞ্জীৱ ভূঞাই আঁত ধৰা সভাত যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন কুমাৰ শইকীয়া আৰু মাধপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰিয়ংকা ফুকনে বিভিন্ন উন্নয়নমূলক বিষয়ত চমু বক্তব্য প্ৰদান কৰে। সভাত হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ যোৰহাট জিলাৰ সহকাৰী সঞ্চালক ভৱেশ তামুলী, জ্যেষ্ঠ সহায়ক অনন্ত ভূঞা, চৰাইপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তি শইকীয়া, তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি ইউচুফ আলি, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰফুল্ল শইকীয়া আদি উপস্থিত থাকে।

কাৰ্যসূচীত অৰ্ধশতাধিক স্থানীয় লোক, বিভিন্ন বিভাগৰ বিষয়ববীয়া, কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে মাধপুৰৰ গাতে লাগি থকা খ্ৰীষ্টিয়ান অংগণবাড়ী কেন্দ্ৰ, বামপথাৰৰ হৰিমন্দিৰ, মাধপুৰ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদৰ পকী বেৰা নিৰ্মাণ, গাঁও পঞ্চায়ত এলেকাত ডাষ্টবিন স্থাপন আদিৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰতিটো কাৰ্যসূচীত স্থানীয় লোক, পঞ্চায়ত কৰ্মীসকলে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, বৃহত্তৰ মাধপুৰ অঞ্চলটোৰ উন্নয়ণৰ স্বাৰ্থত পঞ্চায়তটোৱে গ্ৰহণ কৰা পদক্ষেপক বহুজনে শলাগ লৈছে‌।

Also Read: বিদ্যুতৰ লুকা-ভাকুঃ অতিষ্ঠ ৰাইজে নিশাই সাব্যস্ত কৰিলে প্ৰতিবাদ

GOVT OF ASSAM