তিতাবৰত প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে দুজনক গ্ৰেপ্তাৰ...

ধৃত দুই ব্যক্তি চুবুৰীয়া নাগালেণ্ডৰ
তিতাবৰত প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে দুজনক গ্ৰেপ্তাৰ...
তিতাবৰত প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে দুজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ তিতাবৰঃ তিতাবৰ আৰক্ষী বৃহৎ সাফল্য। তিতাবৰৰ ফুলবাৰী বজাৰৰ সমীপত জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য।

জানিব পৰা মতে আজি তিতবাৰ আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক কৌশিক কলিতাৰ নেতৃত্বত এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। এই অভিযানৰ সময়তে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে অভিযানকাৰী দলটোৱে।

মুঠ ৮ টা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছৰ লগতে এটা পলিথিনত ৫৯৯ টা ছেমপেক্স নামৰ নিচাযুক্ত টেবলেটখিনি আছিল। এই নিষিদ্ধ সামগ্ৰীখিনি কঢ়িয়াইছিল নাগালেণ্ডৰ দুজন ব্যক্তিয়ে। ধৃত দুই ব্যক্তি ক্ৰমে নাগালেণ্ডৰ নিউচুৰি বস্তিৰ চুম্বেম' আৰু আকাহ'টো বস্তিৰ খেট'বি।

তিতাবৰত প্ৰায় ১ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে দুজনক গ্ৰেপ্তাৰ...
কোকৰাঝাৰত বিনেশ্বৰ ব্ৰহ্মৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in